ETV Bharat / state

অচিৰেই ৰঙিয়াৰ পৰা কামাখ্যালৈ চলিব বিদ্যুৎ চালিত ৰেল - electrical rail

বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ ইতিমধ্যে বিদ্যুৎ চালিত ৰেল চলাচলৰ বাবে অনুমতি লাভ কৰিছে যদিও ৰঙিয়াৰ পৰা কামাখ্যালৈ ৰেল চলাবলৈ অনুমতি লাভ কৰা নাই ৰেল বিভাগে ৷ অনুমতি লাভ কৰাৰ লগে লগে বিদ্যুৎ চালিত ৰেল কামাখ্যাৰ পৰা বঙাইগাঁৱলৈ চলোৱা হ'ব ৷

electrical rail in assam
অচিৰেই ৰঙিয়াৰ পৰা কামাখ্যালৈ চলিব বিদ্যুৎ চালিত ৰেল
author img

By

Published : Jun 17, 2021, 10:06 PM IST

বঙাইগাঁও, 17 জুন : বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ কামাখ্যা লৈ নিৰ্মাণ হ'ব লগীয়া দ্বৈত ৰেলপথ নিৰ্মাণৰ সময়ত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰা হ'ব ৷ বৃহস্পতিবাৰে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিছে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধক ভি এ মালেগাওকাৰে ৷ লগতে বন্ধ হৈ থকা প্ৰায়ভাগ ৰেল 22 জুনৰ পিছত চলাচল হোৱাৰ সম্ভাৱনা আছে বুলি জনালে বিষয়া গৰাকীয়ে ৷ আনহাতে ক'ভিড পৰিস্থিতি শাম কটাৰ পিছতে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি বাকী ৰেলগাড়ী সমুহো চলোৱা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধক গৰাকীয়ে ৷

অচিৰেই ৰঙিয়াৰ পৰা কামাখ্যালৈ চলিব বিদ্যুৎ চালিত ৰেল

আনহাতে বিদ্যুৎ চালিত ৰেল সন্দৰ্ভত প্ৰৱন্ধক গৰাকীয়ে কয় যে, বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ ইতিমধ্যে বিদ্যুৎ চালিত ৰেল চলাবৰ বাবে অনুমতি লাভ কৰিছে যদিও ৰঙিয়াৰ পৰা কামাখ্যালৈ ৰেল চলাবলৈ ৰেল বিভাগে অনুমতি লাভ কৰা নাই ৷ লগতে অনুমতি লাভ কৰাৰ লগে লগে বিদ্যুৎ চালিত ৰেল কামাখ্যাৰ পৰা বঙাইগাঁৱলৈ চলোৱা হ'ব জনালে প্ৰৱন্ধক গৰাকীয়ে ৷ উল্লেখযোগ্য যে, ইতিমধ্যে ৰঙিয়াৰ পৰা বঙাইগাঁৱৰ মাজত প্ৰায় ষাঠিখন বিদ্যুৎ চালিত মালগাড়ী চলোৱা হৈছে ৷

লগতে পঢ়কঃ ঘোষণা হ’ল CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ তাৰিখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.