ETV Bharat / state

বকোত উন্মুক্ত বৈদ্যতিক তাঁৰত গো-ধনৰ মৃত্যু

বকোত বিদ্যুত বিভাগৰ হেমাহিত পোহনীয়া জন্তুৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইতিমধ্যে উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ পৰা বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হৈছে ৷ অতি শীঘ্ৰে বিহিত ব্যৱস্থা লবলৈ বিভাগীয় কৰ্তৃপক্ষক আদহ্বান জনাইছে স্থানীয় ৰাইজে ৷

author img

By

Published : Jun 15, 2020, 10:33 PM IST

Electric Short circute  One Cow Dead At Bako
বকোত উন্মুক্ত বৈদ্যতিক তাঁৰত গো-ধনৰ মৃত্যু

বকো, 15জুনঃ বকোৰ সোণালীতাৰী উন্মুক্ত বৈদ্যতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ গো-ধনৰ মৃত্যু হয় ৷ ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে এজনী মহিলাৰ ৷

বকোৰ সোণালীতাৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ বিদ্যুৎস্পৃষ্ট হৈ গৰু এটাৰ মৃত্যু হয় ৷ উল্লেখ্য যে, সোণালীতাৰীত বিদ্যুৎ বিভাগে দ খাৱৈত ট্ৰেন্সফৰ্মাৰ স্থাপন কৰিছিল ৷ ফলত বাৰিষা অহাৰ লগে লগে পানীত ডুব যায় উক্ত ট্ৰেন্সফৰ্মাৰটো ৷ এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ পৰা ইতিমধ্যে কেইবাবাৰো ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ ঠিক একেদৰে উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ পৰা বিদ্যুৎস্পৃষ্ট হৈ গীতাঞ্জলি কৈৱৰ্ত্ত নামৰ মহিলা গৰাকীয়ে গাভিনী গাইসহ বিদ্যুতপৃষ্ট হয় ৷ উক্ত ঘটনাটোত মহিলা গৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও গোধনৰ মৃত্যু হয় ৷

উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৰ পৰা সংঘটিত হৈ অহা ঘটনাবোৰ স্থানীয় ৰাইজে বকোৰ বিদ্যুৎ বিভাগক উপযুক্ত ব্যৱস্থা কৰি দিবলৈ বাৰাম্বাৰ অনুৰোধ কৰিছিল ৷ কিন্তু বিদ্যুৎ বিভাগে আজিলৈ কোনো গুৰুত্ব নিদিয়া বুলি গুৰুতৰ অভিযোগ কৰে ৰাইজে ৷ উক্ত ট্ৰেন্সফৰ্মাৰটো উপযুক্ত স্থানত স্থাপন নকৰিলে তাৰ পৰা যে আৰু ভয়ংকৰ ঘটনা সংঘটিত হ'ব তাক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় লোক সকল ৷ গতিকে অতি শীঘ্ৰে ট্ৰেন্সফৰ্মাৰটো উপযুক্ত স্থানত স্থাপন কৰি ৰাইজক সুবিধা কৰি দিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে পঢ়ক- যোৰহাটত সেনাৰ জিম্মাত যুৱকৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.