ETV Bharat / state

মেঘালয়ৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত অসমৰ চাৰি গাঁৱৰ - অসম মেঘালয়ৰ সীমা

সমাগত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ অসমৰ একাংশ গাঁৱৰ ৷ তদুপৰি স্ব-ইচ্ছাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগত চামিল হোৱাৰ হুংকাৰ প্ৰদান ৷ অসম-মেঘালয়ৰ সীমাত অৱস্থিত এই গাঁওকেইখন ৷ চৰকাৰৰ অৱহেলাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ ৷

election will be boycott by assamese people of assam meghalaya border assam etv bharat news
মেঘালয়ৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত অসমৰ চাৰি গাঁৱৰ
author img

By

Published : Dec 24, 2020, 3:56 PM IST

Updated : Dec 24, 2020, 5:26 PM IST

আজাৰা,24 ডিচেম্বৰ: স্বাধীনতাৰ ৭৪ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে কোনোধৰণৰ উন্নয়নমূলক কাম-কাজ হোৱা দেখা নগ’ল অসম-মেঘালয় সীমান্তৱৰ্তী একাংশ গাঁৱত ৷ ৰাস্তা-ঘাট, বিদ্যালয় আদি নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ সুবিধা আজিলৈকে পোৱা নাই অসম-মেঘালয়ৰ সীমান্তৱৰ্তী প্ৰায় ৪ খন গাঁৱত ৷ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত পকাপাম, বগলাইন, পকালাইন আৰু বাকাৰাপাৰা নামৰ এই চাৰিখন গাঁৱৰ ৰাইজ এতিয়া অতীষ্ঠ হৈ পৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৷

মেঘালয়ৰ সৈতে চামিল হোৱাৰ সিদ্ধান্ত অসমৰ চাৰি গাঁৱৰ

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সীমান্তৱৰ্তী এই গাঁও কেইখনে দীৰ্ঘদিনৰ পৰাই সন্মুখীন হৈ আহিছে বিভিন্ন সমস্যাৰ ৷ প্ৰায় 500 পৰিয়ালৰ বসতিস্থল কামৰূপৰ মিৰ্জাৰ পৰা 40 কিল’মিটাৰ দূৰত্বত অৱস্থিত এই গাঁওকেইখন সংযোগী একমাত্ৰ পথটি নিৰ্মাণৰ দাবীত বৃহস্পতিবাৰে ৰাইজে ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিধায়ক প্ৰণৱ কলিতা হায় হায়, টংকেশ্বৰ ৰাভা হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰাজ্য চৰকাৰে দীৰ্ঘদিনীয়া এই সমস্যাসমূহ পূৰণ নকৰাত পৰৱৰ্তী নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ এই অঞ্চলৰ মাজেৰে বৈ যোৱা বাঠা নৈৰ খহনীয়াৰ সমস্যাৰো আজিকোপতি কোনো স্থায়ী সমাধান নোলাল ৷ ১৯৯৮ চনত পকাপামত স্থাপিত অঞ্চলসমূহৰ একমাত্ৰ বিদ্যালয়খনৰো হোৱা নাই চৰকাৰীকৰণ ৷ এনে এশ এবুৰি সমস্যাৰে জৰ্জৰিত অঞ্চলকেইটাৰ জন সাধাৰণে উপায়ন্তৰ হৈ ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে ৷ তদুপৰি অসমৰ ভূমি এৰি গাঁৱকেইখনে মেঘালয়ৰ সৈতে চামিল হোৱাৰো হুংকাৰ প্ৰদান কৰে চৰকাৰক ৷ চৰকাৰ তথা প্ৰশাসনৰ অৱহেলাৰ বাবে গাঁৱকেইখনৰ ৰাইজে এনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰাত স্বাভাৱিকতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিভিন্ন মহলৰ মাজত ৷

লগতে চাওকঃ হাতী-মানুহৰ সংঘাতঃ ৰাজ্যত মৃত্যু 113 টা হাতীৰ

Last Updated : Dec 24, 2020, 5:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.