ETV Bharat / state

ৰঙিয়াৰ 8 পৰিয়ালক হোম কোৱাৰেণ্টাইন - ৰঙিয়া

ৰঙিয়াৰ সমীপৰ দুই স্থানৰ আঠটা পৰিয়ালক কৰ’ণা ভাইৰাছ সংক্ৰমিত ব্যক্তিৰ লগত পৰোক্ষভাৱে হোৱা সংস্পৰ্শৰ বাবে হোম কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ ফলত মানসিক দুঃচিন্তাত ভুগিছে পৰিয়ালকেইটা ৷

Eight family quarantine at rangia kamrup assam etv bharat news
হোম কোৱাৰেণ্টাইন ৰঙিয়াত
author img

By

Published : May 10, 2020, 4:42 PM IST

ৰঙিয়া,10 মে’ঃ ৰঙিয়াৰ বাঘবাৰী আৰু ম’হখলিৰ আঠ পৰিয়ালক ৰখা হৈছে হোম কোৱাৰেণ্টাইনত ৷ কৰ’ণা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ বাবে স্বাস্থ্য বিভাগে পৰিয়ালকেইটাক ৰাখে কোৱাৰেণ্টাইনত ৷ উল্লেখ্য যে, ইতিমধ্যে মৃত্যুক সাৱটি লোৱা গুৱাহাটীৰ এগৰাকী কৰ’ণা আক্ৰান্তৰ শেষকৃত্যত অংশগ্ৰহণ কৰিছিল ৰঙিয়াৰ বিপুল কলিতা নামৰ ব্যক্তিজনে ৷ কলিতাৰ সংস্পৰ্শলৈ অহা আন সাতটা পৰিয়ালকো ৰখা হৈছে কোৱাৰেণ্টাইনত ৷ স্বাস্থ্য বিভাগৰ এটা দলে ব্যক্তিজনৰ পৰিয়ালৰ সকলো সদস্যকে হাতত ষ্টাম্প মাৰি কোৱাৰেণ্টাইন কৰে । এই ঘটনাৰ পাছতেই বৰ্তমান গাঁৱখনত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশ ।

উল্লেখ্য যে, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ ঘৰত বৃহস্পতিবাৰে মৃত্যু হোৱা এগৰাকী যুৱতীৰ মৃতদেহৰ পৰা সংগ্ৰহ কৰা Swab ৰ পৰীক্ষাত Covid 19 ৰ উপস্থিতি ধৰা পৰিছিল ৷ মহানগৰীত কৰ্মৰত ৰঙিয়াৰ বিপুল কলিতাই বন্ধুৰ সৈতে ভূতনাথত যুৱতীগৰাকীৰ মৃতদেহ সৎকাৰত অংশগ্ৰহণ কৰাৰ খবৰ ৰাইজে লাভ কৰে ৷ এই কাৰ্যৰ পিছতে কলিতা ৰঙিয়াস্থিত ঘৰলৈ আহে ৷

হোম কোৱাৰেণ্টাইন ৰঙিয়াত

ইফালে বিষয়টো পোহৰলৈ অহাৰ পিছত ব্যক্তি দুজনক শিঙিমাৰীৰ এখন চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰা হৈছে । লগতে পৰিয়ালৰ লোকে ব্যক্তিজন কৰ’ণা আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা যুৱতীৰ সৎকাৰত অংশগ্ৰহণ কৰাৰ কথা অস্বীকাৰ কৰে ৷ বৰ্তমান পৰিয়ালটো একাংশ গাঁওবাসীৰ ককৰ্থনাৰ সন্মুখীন হৈ মানসিক দুঃচিন্তাত ভুগিছে ৷

লগতে চাওকঃ ৰঙিয়া আদৰ্শ চিকিৎসালয়ত দহগৰাকীক কোৱাৰেণ্টাইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.