গুৱাহাটী, 17 মাৰ্চ : বিত্ত মন্ত্রী অজন্তা নেওগে সদনত বুধবাৰে দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটত শিক্ষা খণ্ডক যথেষ্ট গুৰুত্ব দিয়া হৈছে । বাজেটত শিক্ষাখণ্ডৰ বাবে প্ৰায় ২০ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে । প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ বাবে এই পুঁজি ধাৰ্য কৰা হৈছে । বাজেটত শিক্ষা খণ্ডৰ বাবে ধাৰ্য কৰা পুঁজিলৈ সন্তুষ্টি প্ৰকাশ কৰি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে বাজেটত শিক্ষা খণ্ডৰ নতুন নতুন আন্তঃগাঁঠনি নিৰ্মাণৰ ব্যৱস্থা ৰখা হৈছে (Ranoj Pegu expresses satisfaction over budget set on education sector)।
বিশেষকৈ ছাত্র-ছাত্রীসকলৰ বাবে আশাব্যঞ্জক বুলি সদৰি কৰি তেওঁ কয় যে, প্ৰজ্ঞান ভাৰতী আঁচনিত বহু ব্যৱস্থাপনা ৰখা হৈছে । বাজেটত শিক্ষা খণ্ডৰ উপৰি খিলঞ্জীয়া ভূমিপুত্র সকলৰ বাবে ভূমি নীতিৰ সংশোধনী প্ৰস্তাৱ আনিছে । যাৰ দ্বাৰা ভূমিপুত্রসকল উপকৃত হ'ব বুলি তেওঁ উল্লেখ কৰে ।
উল্লেখ্য যে, বাজেটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ বাবদ ৪১০ কোটি টকা ধাৰ্য কৰা হৈছে । প্রজ্ঞান ভাৰতীৰ জৰিয়তে স্নাতক শ্রেণীপর্যন্ত ছাত্র-ছাত্রীসকলক বিনামূলীয়া পাঠ্যপুথি আৰু পাঠ্যপুথি ক্ৰয় কৰাৰ বাবদ সাহায্য প্রদান কৰা হ'ব । স্নাতক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, পলিটেকনিক মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্রতিমাহে হােষ্টেলৰ মাচুল ২০০০ টকালৈকে ৰেহাই দিয়া হ'ব । সেইদৰে দৰিদ্র সীমাৰেখাৰ তলৰ সকলাে ছাত্র-ছাত্ৰীলৈ নামভৰ্তিৰ মাচুল ৰেহাই ব্যৱস্থা অব্যাহত ৰখা হৈছে ।
আনহাতে,‘অভিনন্দন' আঁচনিৰ অধীনত শিক্ষা ঋণ সাহায্য অব্যাহত থাকিব । উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হােৱা সকলাে মেধাৱী ছাত্র-ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব । স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্রতিবছৰে এক যাতায়তী বানচ হিচাপে ১০,০০০ টকাৰ অনুদান দিয়া হ'ব । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হােৱা যােগ্য ছাত্র-ছাত্রীৰ বাবে প্রদান কৰা আনন্দৰাম বৰুৱা বঁটা অব্যাহত ৰখা হৈছে ।
উল্লেখ্য যে, বাজেটত প্ৰাথমিক শিক্ষা বিভাগৰ বাবে ৯৫৫৪.৮৭ কোটি টকা, মাধ্যমিক শিক্ষা বিভাগৰ বাবে ৬৯৩০.০৩ কোটি টকা আৰু উচ্চ শিক্ষা বিভাগৰ বাবে ৩৪৯৮.০২ কোটি টকা ধাৰ্য কৰা হৈছে ।
লগতে পঢ়ক : বহাগত অসমলৈ আহিব মোদী