ৰঙিয়া, ২৭ জুন: আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পাছতো ৰাজ্য়ত অব্য়াহত ড্ৰাগছৰ বেহা (Drug trafficking in Assam)। এই বেহা প্ৰতিৰোধৰ বাবে ৰাজ্য়ৰ আন ঠাইৰ লগতে ৰঙিয়াতো ড্ৰাগছৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ ধাৰাবাহিক অভিযান। ইয়াৰ মাজতে ৰঙিয়াত আৰক্ষীৰ জালত পৰিল এজন সৰবৰাহকাৰী।
সোমবাৰে প্ৰায় দুই কোটি টকাৰ ড্ৰাগছসহ সৰবৰাহকাৰীজনক আৰক্ষীয়ে আটক কৰে (Drugs supplier detained Rangia in Assam)। ধৃত সৰবৰাহকাৰীজন ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰাৰ আনোৱাৰ হুছেইন ওৰফে ৰাজু বুলি জানিব পৰা গৈছে । এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া থানাৰ আৰক্ষীৰ এটা দলে ৰঙিয়াৰ হাইৱে চ'কত এখন বাছত তালাচী চলায় । অভিযানকাৰী দলটোৱে উক্ত বাছখনৰ পৰাই ড্ৰাগছসহ সৰবৰাহকাৰীজনক আটক কৰে(Huge drugs recovered Rangia in Assam)।
অভিযানকাৰী দলটোৱে ধৃত সৰবৰাহকাৰীজনৰ পৰা বাৰটা চাবোনৰ বাকচত ২৬২ গ্ৰাম হেৰ'ইন জব্দ কৰে । এখন বেগত ড্ৰাগছখিনি ৰঙিয়াত এজন ড্ৰাগছ ব্যৱসায়ীক বিক্ৰী কৰিবলৈ অনাৰ সময়তে সৰবৰাহকাৰীজন আৰক্ষীৰ জালত পৰে।
লগতে পঢ়ক:গৌৰীপুৰত ৰঙাঘৰৰ আলহী জুৱাৰীৰূপী শিক্ষক