হাজো,5 মে'ঃ দেশজুৰি লক্ ডাউন চলি থকাৰ সময়তে হাজোৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে নিজৰ ব্যৱসায় ৷ সোমবাৰে নিশা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে হাজো আৰক্ষীয়ে চলায় তীব্ৰতৰ অভিযান ।
দুই ড্ৰাগছ ব্যৱসায়ীয়ে স্কুটি লৈ আহি থকা অৱস্থাত বৰুৱাবাৰীৰ গোঁসাইহাতত ব্যৱসায়ী দুজনক আটক কৰে হাজো আৰক্ষীয়ে ৷ ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে হাজোৰ দলৈটোলাৰ ইউচুফ আলী আৰু নলবাৰী মুকালমুৱাৰ মকিব আলী ।
দুই ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে কেইবাহাজাৰ টকাৰ ড্ৰাগছৰ লগতে নগদ ৮,৭১০ টকা আৰু এখন AS-25L-7376 নম্বৰৰ এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হৈছে।