ETV Bharat / state

বিদ্যুতৰ বৰ্ড বেয়া হোৱাৰ বাবেই দুবছৰে বন্ধ পানী যোগান - বকো

বিদ্যুত যোগানৰ সামান্য বিদ্যুতৰ বৰ্ড বেয়া হোৱাৰ বাবেই দুবছৰে বন্ধ আছে কুকুৰমাৰা পানী যোগান আঁচনি ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ অকৰ্মণ্যতা তথা অমনোযোগিতাৰ বাবেই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত কুকুৰমাৰাবাসী ৷

শ্বুইচ বৰ্ড বেয়া হোৱাৰ বাবে দুবছৰে বন্ধ পানী যোগান আঁচনি
author img

By

Published : Jul 27, 2019, 12:55 PM IST

ছয়গাঁও ২৭ জুলাই : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ সংমণ্ডলৰ অধীনস্থ কুকুৰমাৰা পানী যোগান আঁচনিৰ পৰা বিগত প্ৰায় দুবছৰে পানী যোগান ব্যাহত থকাত বৃহত্তৰ কুকুৰমাৰা অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ৷ বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ অকৰ্মণ্যতা তথা অমনোযোগিতাৰ বাবেই দীৰ্ঘদিন ধৰি পানী যোগান আঁচনিটোৰ পৰা পানী যোগান বন্ধ হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰামতে কুকুৰমাৰাৰ এই পানী যোগান কেন্দ্ৰটোৰ বিদ্যুত যোগানৰ ক্ষেত্ৰত কিছু ব্যাহত হোৱাৰ আচিলা লৈয়েই পানী যোগান বন্ধ হৈ আছে ৷ পানী যোগান কেন্দ্ৰৰ এখন বিদ্যুতৰ বৰ্ড বেয়া হোৱাৰ পিছত বিভাগীয় বিষয়া কৰ্মচাৰীয়ে ভাল কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেদৰে দীৰ্ঘদিন ধৰি পানী যোগান বন্ধ আছে ৷

শ্বুইচ বৰ্ড বেয়া হোৱাৰ বাবে দুবছৰে বন্ধ পানী যোগান আঁচনি

পানী যোগান কেন্দ্ৰটোত নিয়োজিত কৰ্মচাৰী গৰাকীয়ে বাৰাম্বাৰ উক্ত কামখিনি কৰাৰ বাবে বকো সংমণ্ডলৰ তথা ছয়গাঁও অঞ্চলৰ দায়িত্বত থকা বিষয়াক অনুৰোধ জনাই অহাৰ পিছতো তেওঁলোকে বিদ্যুতৰ কামখিনি মেৰামতি কৰা নাই ৷ যাৰ ফলত এতিয়া পানী যোগান কেন্দ্ৰটোৰ বহু অংশ সা-সঁজুলি মামৰে ধৰাৰ উপক্ৰম ঘটিছে ৷ আনহাতে পানী যোগান কেন্দ্ৰটোৰ পানী শোধন কৰা যন্ত্ৰাংশ বেয়া হোৱাৰ ফলত অঞ্চলটোৰ ৰাইজক পানী শোধন নকৰাকৈয়ে যোগান ধৰি আহিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ ইফালে প্ৰায় দুবছৰে পানী যোগান ব্যহত থকাত পানীৰ টেপ সমূহো মাটিত পোত যাবলৈ আৰম্ভ কৰিছে ৷ স্থানীয় ৰাইজে উক্ত পানী যোগান কেন্দ্ৰটো অতিশীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

Intro:বিদ্যুত যোগানৰ সামান্য শ্বুইচ বৰ্ড বেয়া হোৱাৰ বাবে দুবছৰে বন্ধ আছে কুকুৰমাৰা পানী যোগান আঁচনি ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ অকৰ্মণ্যতা তথা অমনোযোগিতাৰ বাবেই বিশুদ্ধ খোৱাপানীটুপিৰ বঞ্চিত হৈ আছে বৃহত্তৰ কুকুৰমাৰা বাসী ৷Body:ছয়গাঁও ২৭ জুলাই : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ সংমণ্ডলৰ অধীনস্থ কুকুৰমাৰা পানী যোগান আঁচনিৰ কৰা বিগত প্ৰায় দুবছৰে পানী যোগান ব্যহত থকাত বৃহত্তৰ কুকুৰমাৰা অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে ৷ বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ অকৰ্মণ্যতা তথা অমনোযোগিতাৰ বাবেই দীৰ্ঘদিন ধৰি পানী যোগান আঁচনিটোৰ পৰা পানী যোগান বন্ধ হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ জানিবপৰমতে কুকুৰমাৰাৰ এই পানী যোগান কেন্দ্ৰটোৰ বিদ্যুত যোগানৰ ক্ষেত্ৰত কিছু ব্যহত হোৱাৰ আচিলা লৈয়েই পানী যোগান বন্ধ হৈ আছে ৷ পানী যোগান কেন্দ্ৰৰ এখন বিদ্যুতৰ এখন বৰ্ড বেয়া হোৱাৰ পিছত বিভাগীয় বিষয়া কৰ্মচাৰীয়ে ভাল কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেদৰে দীৰ্ঘদিন ধৰি পানী যোগান বন্ধ আছে ৷ পানী যোগান কেন্দ্ৰটোত নিয়োজিত কৰ্মচাৰী গৰাকীয়ে বাৰাম্বাৰ উক্ত কামখিনি কৰাৰ বাবে বকো সংমণ্ডলৰ তথা ছয়গাঁও অঞ্চলৰ দায়িত্বত থকা বিষয়াক অনুৰোধ জনাই অহাৰ পিছতো তেওঁলোকে বিদ্যুতৰ কামখিন মেৰামতি কৰা নাই ৷ যাৰ ফলত এতিয়া পানী যোগান কেন্দ্ৰটোৰ বহু অংশ সা সঁজুলি মামৰে ধৰিৰ উপক্ৰম ঘটিছে ৷ আনহাতে পানী যোগান কেন্দ্ৰটোৰ পানী শোধন কৰা যন্ত্ৰাংশ বেয়া হোৱাৰ ফলত অঞ্চলটোৰ ৰাইজক পানী শোধন নকৰাকৈয়ে যোগান ধৰি আহিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ ইফালে প্ৰায় দুবছৰে পানী যোগান ব্যহত থকাত পানীৰ টেপ সমূহো মাটিত পোত যাবলৈ আৰম্ভ কৰিছে ৷ স্থানীয় ৰাইজে উক্ত পানী যোগান কেন্দ্ৰটো অতিশীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷Conclusion:Byte
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.