ETV Bharat / state

জৰাজীৰ্ণ বিদ্যালয়গৃহত কেনেদৰে হ'ব পাঠদান...

author img

By

Published : Dec 8, 2020, 9:56 AM IST

পুঠিমাৰী নৈৰ বানত প্ৰায় ছমাহৰ পৰাই বিধ্বস্ত হৈ পৰি ৰৈছে ৰঙিয়াৰ খন্দিকৰ উলুবাৰী প্ৰাথমিক বিদ্যালয় ৷ যাৰ বাবে জানুৱাৰী মাহৰ পৰা চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহত পাঠাদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ নিৰ্দেশনাক লৈ সম্প্ৰতি চিন্তিত হৈ পৰিছে শিক্ষকৰ লগতে অভিভাৱকসকল ৷

জৰাজীৰ্ণ বিদ্যালয়গৃহ
জৰাজীৰ্ণ বিদ্যালয়গৃহ

ৰঙিয়া, 8 ডিচেম্বৰ: প্ৰায় 10 মাহৰ অন্তত জানুৱাৰী মাহৰ পৰা চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহত আৰম্ভ কৰা হ'ব পাঠাদান প্ৰক্ৰিয়া ৷ কিন্তু ইয়াকে লৈ চিন্তিত হৈ পৰিছে ৰঙিয়াৰ খন্দিকৰ উলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা অভিভাৱকসকল ৷ কিয়নো ইতিমধ্যে পুঠিমাৰী নৈৰ বানত প্ৰায় ছমাহ পূৰ্বে বিদ্যালয় গৃহটো সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে ৷ পাঠদানৰ কোনো পৰিৱেশ সম্প্ৰতি নাইকিয়া হৈ পৰিছে বিদ্যালয় গৃহটোত ৷ পাঠদান চলি থাকোতেই যিকোনো সময়তে ঘটিব পাৰে কোনো অনৰ্থক ঘটনা ৷ যাক লৈ শংকিত হৈ পৰিছে শিক্ষকৰ লগতে অভিভাৱকসকল ৷

জৰাজীৰ্ণ বিদ্যালয়গৃহত কেনেদৰে হ'ব পাঠদান...

আনহাতে, কোঠাসমূহৰ মজিয়া মাটিৰে পোত খাই পৰাৰ পাচতে নষ্ট হৈ পৰিছে ডেস্ক-বেঞ্চবোৰো ৷ গোহালি সদৃশ পৰিৱেশত থকা বিদ্যালয় গৃহটোত নিজৰ সন্তানক পঠিয়াবলৈ শংকা প্ৰকাশ কৰিছে অভিভাৱকসকলে ৷ সমগ্ৰ বিষয় সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জৰাজীৰ্ণ বিদ্যালয় গৃহটোতো এতিয়া কেনেদৰে কণ কণ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব সম্প্ৰতি সেইয়া এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ যাৰ বাবে সময় থাকোতেই বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বিদ্যালয়খনৰ শিক্ষকসকলে ৷

লগতে পঢ়ক: বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আনুষ্ঠানিকতাহে বাকী আছে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.