ETV Bharat / state

ৰঙিয়াৰ সমৰজ্যোতিয়ে উদ্ভাৱন কৰিছে ডিজিটেল মেনু - ডিজিটেল মেনু

হোটেল-ৰেষ্টুৰেন্টত কৰ'ণা সংক্ৰমণ ৰোধৰ বিশেষ ব্যৱস্থা কৰিছে ৰঙিয়াৰ এগৰাকী প্ৰতিভাৱান কিশোৰে ৷ ৰঙিয়াৰ সমৰজ্যোতি ভাগৱতীয়ে উদ্ভাৱনী শক্তিৰ পৰিচয় দি সাজি উলিয়াইছে হোটেল,ৰেষ্টুৰেন্টত ব্যৱহাৰ কৰিব পৰা ডিজিটেল মেনু ।

digital menu invent by Samar jyoti bhagwati
ৰঙিয়াৰ সমৰজ্যোতিয়ে উদ্ভাৱন কৰিছে ডিজিটেল মেনু
author img

By

Published : Jun 20, 2020, 4:26 PM IST

ৰঙিয়া,20 জুনঃ ৰঙিয়াৰ এজন প্ৰতিভাৱান ছাত্ৰ ৷ ৰঙিয়াৰ দীপ্তিনগৰৰ সমৰজ্যোতি ভাগৱতীয়ে কিছুদিন পূৰ্বে স্মাৰ্ট ডাষ্টবিন উদ্ভাৱন কৰাৰ পিছত এইবাৰ সাজি উলিয়াইছে ডিজিটেল মেনু ৷ প্ৰতিভাৱান ছাত্ৰ সমৰজ্যোতিয়ে লক ডাউনৰ সময়চোৱাত সময়ৰ সদব্যৱহাৰ কৰি সাজি উলিয়াইছে এই বিশেষ ডিজিটেল মেনুখন ৷

ৰঙিয়াৰ সমৰজ্যোতিয়ে উদ্ভাৱন কৰিছে ডিজিটেল মেনু

হোটেল,ৰেষ্টুৰেন্টত ব্যৱহাৰ কৰিব পৰা এখন ডিজিটেল মেনু ৷ লক ডাউন কিছু পৰিমাণে শিথিল হোৱাত হোটেল-ৰেস্তোৰালৈ যোৱা লোকসকলৰ মাজত যাতে কৰ'ণা ভাইৰাছ বিয়পিব নোৱাৰে,সেই চিন্তা কৰিয়েই সমৰজ্যোতিয়ে সাজি উলিয়াইছে ডিজিটেল মেনুখন ।

ডিজিটেল মেনুখনত চুইছ ক্লিক কৰিলে হোটেল,ৰেষ্টুৰেন্টৰ কৰ্মচাৰী অথবা মেনেজাৰে গ্ৰাহকৰ ওচৰত নহাকৈয়ে অৰ্ডাৰ গ্ৰহণ কৰিব পাৰিব । লগতে মেনুখনত থাকিব এটি জৰুৰীকালীন চুইছ,যাৰ যোগেদি গ্ৰাহকে কিবা সমস্যা পালে লগে লগে মাতিব পাৰিব ৰেষ্টুৰেন্টৰ কৰ্মচাৰী অথবা মেনেজাৰক ।

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে হোটেল,ৰেষ্টুৰেন্টততো কম সময়ৰ ভিতৰত গ্ৰাহকক খাদ্য যোগান ধৰিব পৰা যাব । এই ডিজিটেল মেনু কম খৰচী হোৱা হেতুকে সৰু সৰু হোটেল সমূহেও ইয়াক ব্যৱহাৰ কৰিব পাৰিব ৷

ইয়াৰ পূৰ্বে এই প্ৰতিভাৱান ছাত্ৰজনে স্বচ্ছতাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কাৰিকৰী প্ৰযুক্তিসন্মত এটি মডেল সাজি উলিয়াইছিল । যাৰ জৰিয়তে ডাষ্টবিনত জাবৰ-জোথৰ ভৰ্তি হ'লে পৌৰ কাৰ্যালয়ত স্বয়ংক্ৰিয়ভাৱে সংকেত বাজি উঠিব। যাৰ দ্বাৰা কোন ঠাইৰ ডাষ্টবিনত কিমান জাবৰ-জোঁথৰ জমা হয়,সেয়া এই কাৰিকৰী পদ্ধতিৰ দ্বাৰা সংশ্লিষ্ট বিষয়াই কাৰ্যালয়ত বহিয়ে জানিব পাৰিব । ঠিক তেনেদৰে ডাষ্টবিনত জাবৰ নেপেলালে বিদ্যুৎ অথবা পানীৰ সংযোগ কাটি দিয়াৰ ব্যৱস্থাও আছিল এই পদ্ধতিত।

লগতে পঢ়কঃ 'ডাষ্টবিনত জাৱৰ-জোঁথৰ ভৰ্তি হ'লে বেল বাজি উঠিব পৌৰ সভাৰ কাৰ্যালয়ত '

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.