ETV Bharat / state

জিভা পিচলিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ - অগপৰ কা সমৰ্থন

অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন ৰাখিবলৈ অগপই ‘কা’ সমৰ্থন কৰিছিল । পূৰ্বৰে পৰাই অগপই ‘কা’ সমৰ্থন কৰা বুলি মন্তব্য কৰাৰ পাচতে একে সময়তে মঞ্চতে সকলোকে ক্ষমা খুজিলে বিধায়ক গৰাকীয়ে ৷

agp react on caa
কা সন্দৰ্ভত অগপৰ মন্তব্য
author img

By

Published : Nov 8, 2020, 7:24 PM IST

আজাৰা,8 নৱেম্বৰ : পূৰ্বৰে পৰা নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰিছিল অসম গণ পৰিষদে ৷ অগপৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নিজ মুখে প্ৰকাশ কৰে এই কথা ৷

তেওঁৰ ভাষ্য অনুসৰি,অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন ৰাখিবলৈ অগপই ‘কা’ সমৰ্থন কৰিছিল । যদি অগপই ‘কা’ সমৰ্থন নকৰে,তেন্তে অসমীয়া জাতি অস্তিত্ব বিপদত পৰিব আৰু তাৰবাবে অগপই ‘কা’ সমৰ্থন কৰে ৷ ইয়াৰোপৰি অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ’বলৈ কা’ সমৰ্থন কৰিছিল অগপই ৷ দেওবাৰে পলাশবাৰী সমষ্টিত অনুষ্ঠিত এক কৰ্মী সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নিজত ভাষণ প্ৰসংগত এইদৰে মন্তব্য আগবঢ়ায় ।

কা সন্দৰ্ভত অগপৰ মন্তব্য

কিন্তু মন্তব্য কৰাৰ খন্তেক সময়ৰ পাচতে উপলব্ধি কৰিলে, তেও প্ৰকৃততে কি ক’লে কৰ্মী সভাত ! ভাষণত বিধায়ক গৰাকীৰ বোলে জিভাহে পিছলিছিল। সেয়ে ভাষণ সমাপ্ত হোৱাৰ পাচত এই লৈ তেওঁ সকলোকে ক্ষমা খোজা পৰিলক্ষিত হয় ৷ বিধায়ক গৰাকীৰ এই পৰিৱৰ্তনত সাঁথৰ হৈ ৰ’ল অগপৰ সাম্প্ৰতিক স্থিতি ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত ৰঙা ফিটা কাটি ‘আইতাৰ দোকান’ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.