ETV Bharat / state

মালিগাঁৱৰ পেট্ৰল পাম্পত ডকাইতিৰ অপচেষ্টা - law and order

স্থানীয় লোকৰ তৎপৰতাত আটক এটা ডকাইত

MALIGAON
author img

By

Published : Mar 8, 2019, 5:04 PM IST

গুৱাহাটী , 8 মাৰ্চ : নিশাৰ মহানগৰীত দিনে দিনে বৃদ্ধি পাইছে দুষ্কৃতিকাৰীৰ তাণ্ডৱ । বৃহস্পতিবাৰে নিশা মালিগাঁৱত সংঘটিত হয় পেট্ৰ'ল পাম্পত ডকাইতিৰ ঘটনা । স্থানীয় ৰাইজে ডকাইতটোক আটক কৰি গতালে আৰক্ষীক ।বৃহস্পতিবাৰে নিশা মালিগাঁৱৰ বিমল অটো এজেঞ্চী নামৰ এটা পেট্ৰ'ল পাম্পৰ পৰা ডকাইতি কৰিবলৈ আহিছিল দুজনীয়া ডকাইতৰ এটা দল । পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীৰ পৰা টকা লৈ পলাবলৈ চেষ্টা কৰোতে স্থানীয় লোকৰ তৎপৰতাত আটক হয় ডকাইতটো ৷ ৰাইজে উত্তম মধ্যম শোধাই বিহাৰৰ ৰাজ যাদৱ নামৰ ডকাইতটোক গটাই দিয়ে জালুকবাৰী আৰক্ষীক।
আনহাতে উক্ত ডকাইতি কাণ্ডত জড়িত আন এটা ডকাইত ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

Slug: A_GHY_8MAR_801_PETROL PUMP CASE_HIRUL HAQUE

A/L- নিশাৰ মহানগৰীত সুৰক্ষিত নহয় ব্যৱসায়ী। বাইকলৈ মালিগাঁৱৰ পেট্ৰল পাম্পত ডকাইতি কৰিবলৈ আহি আটক এটা ডকাইত। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।

V/O1- নিশা মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা। পেট্ৰল পাম্পৰ পৰা ডকাইতি চেষ্টা কৰি আটক এটা ডকাইত। বৃহস্পতিবাৰে নিশা মালিগাঁওস্থিত বিমল অটো এজেঞ্চী নামৰ এটা পেট্ৰল পাম্পৰ পৰা ডকাইতি কৰিবলৈ আহিছিল এটা দলে। পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ পৰা টকা লৈ উধাও হোৱা সময়তে হাতে লোটে এটা ডকাইতক। ৰাইজে উত্তম মধ্যম শোধাই বিহাৰৰ ৰাজ যাদৱ নামৰ এইটো ডকাইত গটাই দিয়ে জালুকবাৰী আৰক্ষীক। আনহাতে উক্ত ডকাইতি কাণ্ডত জড়িত আন এটা ডকাইত ঘটনাস্থলীৰ পৰা বাইকলৈ পলায়ন কৰে। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

Visual-FTP
(HIRUL HAQUE/GUWAHATI) 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.