ETV Bharat / state

দুৰ্নীতি: গোপালপুৰত ৫ কোটি টকীয়া দলং নিৰ্মাণত কেলেংকাৰীৰ অভিযোগ - ৰঙিয়াত কোটি টকীয়া প্ৰকল্পত দুৰ্নীতি

ৰঙিয়াৰ গোপালপুৰত ৫ কোটি টকীয়া দলং নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি ৷ এই দুৰ্নীতিৰ সবিশেষ পোহৰলৈ আনিছে এগৰাকী আৰ টি আই(RTI) কৰ্মী আৰু স্থানীয় ৰাইজ ৷

rangia curruption news
ৰঙিয়াত কোটি টকীয়া প্ৰকল্পত দুৰ্নীতি
author img

By

Published : Sep 9, 2021, 5:49 PM IST

ৰঙিয়া, 9 ছেপ্তেম্বৰ: দুৰ্নীতি ! বৰ্তমান ৰাজ্যত সততে উত্থাপন হোৱা বিষয়টোয়েই হৈছে দুৰ্নীতি ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনতেই প্ৰতিদিনাই পোহৰলৈ আহিছে দুৰ্নীতিৰ নানান তথ্য ৷ অভিযোগ অনুসৰি, বৰ্তমান ৰাজ্য চৰকাৰৰ বহু বিভাগতেই সংঘটিত হৈছে দুৰ্নীতি ৷ অভিযোগ অনুসৰি, এইবাৰ দুৰ্নীতি সংঘটিত হৈছে ৰঙিয়াৰ গোপালপুৰত ৷ এখন দলং নিৰ্মাণত সংঘটিত হৈছে এই দুৰ্নীতি ৷

rangia curruption news
ৰঙিয়াত কোটি টকীয়া প্ৰকল্পত দুৰ্নীতি

অভিযোগ অনুসৰি, ৰঙিয়াৰ গোপালপুৰত ৫ কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলঙৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ লাচি বিষ্ণুপুৰ-গোপালপুৰ সংযোগী বৰলীয়া নৈৰ মূল দলংখনৰ নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে এই দুৰ্নীতি ৷ এই অভিযোগ উত্থাপন কৰিছে এগৰাকী আৰ টি আই কৰ্মীয়ে ৷

আৰ টি আই কৰ্মীগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, এই দলংখন নিৰ্মাণ নকৰাকৈয়ে ৩৭ লাখ ৬১ হাজাৰ টকা আত্মাসাৎ কৰে ব্ৰাইট ইঞ্জিনীয়াৰ নামৰ ঠিকাদাৰী সংস্থাটোৱে ।

rangia curruption news
গোপালপুৰত দলং নিৰ্মাণত দুৰ্নীতি

লগতে পঢ়ক: মা-কমলা ফেৰীতে শেষ যাত্ৰা কৰিলে গুৱাহাটীৰ পৰিমিতাই

আৰ টি আই(RTI)ৰ ৰিপ’ৰ্টত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য । জানিব পৰা মতে, বৰ্তমান দলং খনৰ প্ৰায় 30% কামহে সম্পূৰ্ণ হৈছে ৷ দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই এনেধৰণৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাত স্বাভাৱিতেই এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ।

rangia curruption news
গোপালপুৰত ৫ কোটি টকীয়া দলং নিৰ্মাণত কেলেংকাৰীৰ অভিযোগ

পুৰণি দলংখন নতুনকৈ নিৰ্মাণ কৰা দেখুৱাই ৩৭ লাখ, ৬১ হাজাৰ টকাৰ কেলেংকাৰীত সোমাই পৰিছে ঠিকাদাৰী সংস্থা তথা লোক নিৰ্মাণ বিভাগৰ বিষয়া ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ । আনকি দুই এদিনৰ ভিতৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দুৰ্নীতি নিবাৰক শাখাত এই সন্দৰ্ভত অভিযোগ দিব বুলি জানিবলৈ দিয়ে আৰ টি আই কৰ্মী গৰাকীয়ে ৷

দুৰ্নীতি লিপ্ত গোপালপুৰত ৫ কোটি টকীয়া দলং

লগতে পঢ়ক: মাজুলীৰ বিননি : ওৰে নিশা চলিল উদ্ধাৰ অভিযা

আনহাতে অভিযোগ অনুসৰি, পকী দলংখনৰ ৩০ শতাংশ নিৰ্মাণৰ কামো ভালদৰে আগবঢ়া নাই । কিন্তু দলং নিৰ্মাণৰ নামত অতি নিম্নমানৰ কাম কৰি ৫০ শতাংশতকৈ অধিক ধন মুকলাই নিছে ঠিকাদাৰী সংস্থাটোৱে । চৰকাৰী নিয়ম অনুযায়ী দলং নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন হৈছে কৰিছে স্থানীয় ৰাইজে ।

আনকি স্থানীয়ে ৰাইজে উল্লেখ কৰা অনুসৰি, দলংখনৰ উচ্চতাও জোখতকৈ প্ৰায় এক মিটাৰ কমকৈ ৰাখিছে । ইয়াৰ উপৰিও দলংখনৰ এটা মূৰে থকা এটা পকী খুটা যথেষ্ট হাওলি পৰা পৰিলক্ষিত হৈছে । অভিযোগ অনুসৰি, প্ৰায় তিনিমাহে বন্ধ হৈ আছে দলং নিৰ্মাণৰ । আধাৰশিলা স্থাপনৰ পিছৰ পৰাই দলং খন নিৰ্মণৰ ক্ষেত্ৰত ঠিকাদাৰী সংস্থাটোৱে হেমাহি কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছে ।

লগতে পঢ়ক: এটা ৰাজনৈতিক দলৰ নেত্ৰীক ধৰ্ষণৰ অপচেষ্টা ফাৰ্মাচিষ্টৰ

দলংখন সম্পূৰ্ণ হৈ নুঠাত যাতায়তৰ নামত বৃহত্তৰ অঞ্চলৰ জনসাধাৰণে যমৰ যাতনা ভুগি আহিব লগীয়া হৈছে । অসম্পূৰ্ণ পকী দলঙৰ কাষতে পূৰ্বৰে পৰা থকা এখন অতি দূৰ্বল কাঠৰ দলঙেৰে ৰাইজে বিপজ্জনকভাৱে অহা-যোৱা কৰিব লগা হৈছে । এনেদৰে যাতায়ত কৰা বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে ।

ইফালে, বিপদৰ সময়ত যিকোনো জৰুৰীকালীন সেৱা সহজে সঠিক সময়ত অঞ্চলটোলৈ গৈ নাপায় । নিতৌ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী, চাকৰিয়াল, বৃদ্ধ লোকসকলৰ লগতে ৰোগীসকলেও যথেষ্ট কষ্ট সহিব লগীয়া হৈছে । বৰ্তমানলৈকে এই গুৰুত্বপূৰ্ণ পথটোৰ বহু আকাংক্ষিত দলংখন সম্পূৰ্ণ নোহোৱাত ক্ষুব্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ জনতা ।

ৰাইজৰ প্ৰশ্ন, ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে ৰাইজে আকৌ দূৰ্ভোগ ভুগিব লাগিব নেকি ? দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কৈ অহা দিয়া বিজেপি চৰকাৰখনে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: T20 World Cup : ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচিত খেলুৱৈসকল...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.