ETV Bharat / state

ৰঙিয়াত খেতিপথাৰ তচনচ কৰিলে বানে - ৰঙিয়া

ৰাজ্যৰ সংহাৰী বানে চহা খেতিয়ক সকলৰ খেতিপথাৰো তচনচ কৰিছে ৷ শ শ বিঘা ৰবি শস্য পানীৰ মাজত ডুব যোৱাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ৰঙিয়াত খেতিপথাৰ তচনচ কৰিলে বানে
author img

By

Published : Jul 20, 2019, 5:37 PM IST

ৰঙিয়া, 20 জুলাই : ৰাজ্যৰ বিধ্বংসী বানে বহুলোক আৰু পশুধনৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে নষ্ট কৰিলে খেতিয়ক সকলৰ জীৱিকাৰ একমাত্ৰ উৎস খেতিপথাৰৰ শস্য ৷ যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বৰলীয়া নৈ পানীৰে উপচি পৰাত বহু অঞ্চল বানত বুৰ গৈছে ৷ ইয়াৰ ফলত নষ্ট হৈছে শ শ বিঘা ৰবিশস্য ৷ লাউ, জিকা, ভোল, কেৰেলা, তিয়ঁহকে আদি কৰি বহু পাচলিৰ বাগানত পানী উঠাৰ ফলত মৰহি গৈছে ।

ৰঙিয়াত খেতিপথাৰ তচনচ কৰিলে বানে

ঋণ লৈ খেতি কৰা কৃষক সকলে এতিয়া হাহাকাৰ কৰিবলগা হৈছে । কিন্তু এনে পৰিস্থিতিটো খেতিয়কৰ কল্যাণৰ জয়গান গোৱা বিয়াগোম কৃষি বিভাগৰ কোনো লোকে অদ্যপি খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ ৰঙিয়া প্ৰশাসনেও খেতিয়ক সকলৰ কোনো ধৰণৰ খবৰ নোলোৱাত উপায়ন্তৰ হৈ পৰিছে ৰঙিয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ খেতিয়ক সকল ।

Intro:বলিয়া বানে উটুৱাই নিলে কৃষকৰ সপোনBody:ৰাজ্য খনক তচনচ কৰি থৈ গ'ল বলিয়া বানে। এদেও দুডেওকৈ সজা ঘৰ- দুৱাৰ , সা -সম্পত্তি নিমিষতে থানবান কৰি পেলালে সংহাৰী বানে ।কৃষকৰ সপোনৰ পথাৰত এতিয়া বালিৰ দম । বানে পথাৰ মহতিয়াই নিয়াই নহয় ,এফালৰ পৰা শেষ কৰি গ'ল চহা খেতিয়কৰ ফচল । ৰদ-বৰষুণক আওকাণ কৰি কপালৰ ঘাম মাটিত পেলাই আৰম্ভ কৰিছিল ৰবিশস্যৰ ।কিন্তু ৰুদ্ৰ ৰূপ ধাৰণ কৰি অহা বানত লহপহকৈ বাঢ়ি অহা জহকালিৰ শস্য অকালতে মৰহি গ'ল । হয়, আপুনি দেখি থকা এই দৃশ্য ৰঙিয়াৰ ।ৰঙিয়াৰ বৃহত্তৰ অঞ্চলটোত খেতিয়কৰ সপোন এনেদৰেই শেষ হৈ গৈছে বলিয়া বানত । যোৱা কিছুদিন ধৰি নেৰানপৰা বৰষুণত ওফন্দি উঠি বৰলীয়া নৈয়ে বুৰাই পেলাইছিল বহু অঞ্চল । যাৰ ফলত নষ্ট হ'ল শ শ বিঘা ৰবিশস্যৰ । লাউ ,জিকা ,ভোল,কেৰেলা ,টিয়হ আদি পাচলিৰ বাগানত পানী উঠাৰ ফলত মৰহি যাব লাগিছে । প্ৰথমে হালধীয়া ৰঙৰ হৈ গছবোৰ পিছত শুকাই যাব ধৰিছে । ফলস্বৰূপে নষ্ট হৈ গৈছে বতৰৰ পাচলিৰ খেতি ।ঋণ লৈ খেতি কৰা কৃষক সকলৰ মাজত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে । ঋণেই পৰিশোধ কৰেনে ঘৰেই চলাই কিবাকৈ -এনেধৰণৰ চিন্তাই কৃষক সকলক নানান চিন্তাই জুমুৰি দি ধৰিছে ।শ শ বিঘা খেতি বানপানীত নষ্ট হোৱাৰ পিছতো খেতিয়কৰ কল্যাণৰ বাবে দেদাউৰি দিয়া বিয়াগোম কৃষি বিভাগৰ কোনো লোকে অদ্যাপি খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৰঙিয়া প্ৰশাসনেও খেতিয়ক সকলৰ কোনো ধৰণৰ খবৰ নোলোৱাত উপায়ন্তৰ হৈ পৰিছে ৰঙিয়াৰ পাৰ্শৱৰ্তী অঞ্চলৰ খেতিয়ক সকল।
Byte : খেতিয়ক ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.