কামৰূপ, ২৩ মে': কৰ'ণাসৃষ্ট জটিল পৰিৱেশৰ মাজতে ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ সন্ত্ৰাস । গৰু চোৰে এইবাৰ টোপনি কাঢ়িছে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীবাসীৰ । কেইবাটাও গৰু চুৰিৰ ঘটনাৰ পিছত শনিবাৰে নিশা আটক সন্দেহজনক এটা গৰু চোৰ । আৰক্ষীৰ জালত পৰে ৰিংকু কলিতা নামৰ যুৱকজন ।
উল্লেখ্য যে, শনিবাৰে নিশা মধ্যমখণ্ড ধোপৰ তলৰ পৰা গাই গৰু এজনী বিক্ৰীৰ বাবে নিছিল ৰিংকুৱে । ভেটামুখত ৰাইজৰ সন্দেহ হয় আৰু ৰিংকুক ধৰি গৰুসহ আৰক্ষীক গটাই দিয়ে । অৱশ্যে এই পৰ্যন্ত গৰুজনীৰ গৰাকী ওলোৱা নাই । আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃততে যুৱকজন গৰু চুৰি চক্ৰৰ সৈতে জড়িত হয় নে নহয় ।
লগতে পঢ়ক:ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি