ETV Bharat / state

ৰঙিয়াত ক’ভিড-19 আক্ৰান্ত হৈ বেংক প্ৰৱন্ধকৰ মৃত্যু - অসম গ্ৰামীণ বিকাশ বেংক

অসম গ্ৰামীণ বিকাশ বেংকৰ প্ৰাক্তন প্ৰৱন্ধক ফতিক কলিতাৰ ক’ভিড আক্ৰান্ত হৈ মৃত‍্যু ৷ ৰঙিয়াত শেহতীয়াভাৱে কভিড-১৯ ত আক্ৰান্ত হৈ সাত গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫৯৮ গৰাকী ক’ৰণাত আক্ৰান্ত হৈছে ।

ৰঙিয়াত ক’ভিড-19 আক্ৰান্ত হৈ বেংক প্ৰৱন্ধকৰ মৃত্যু

author img

By

Published : May 16, 2021, 9:16 PM IST

ৰঙিয়া, 16মে’: হাজোৰ শিঙিমাৰী ক’ভিড হাস্পতালত অসম গ্ৰামীণ বিকাশ বেংকৰ প্ৰাক্তন প্ৰৱন্ধক ফতিক কলিতাৰ দেহাৱসান ৷ বৃহস্পতিবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টত ফতিক কলিতাৰ দেহত ধৰা পৰিছিল কভিড-১৯ ৰ অৱস্থিতি । স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে ব‍্যক্তিগৰাকীক ৰঙিয়াৰ পৰা প্ৰেৰণ কৰা হৈছিল শিঙিমাৰীৰ ক’ভিড হস্পিতললৈ ।

ক’ভিড হাস্পতালত উপস্থিত হোৱাৰ লগে লগে ব্যক্তি গৰাকীৰ মৃত্যু হয় ৷ সম্প্ৰতি ফতিক কলিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আতংকময় পৰিবেশে বিৰাজ কৰিছে ৰঙিয়াৰ ধৰমপুৰ অঞ্চলত ৷

উল্লেখ্য যে, ৰঙিয়াত শেহতীয়াভাৱে কভিড-১৯ ত আক্ৰান্ত হৈ সাত গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫৯৮ গৰাকী ক’ৰণাত আক্ৰান্ত হৈছে । তাৰ পিছতো সজাগ নহয় ৰঙিয়াৰ একাংশ শিক্ষিত লোক ।

লগতে পঢ়কঃ মহামাৰীয়ে বিপদ মাতিছে মাজুলীৰ মুখা শিল্পলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.