ৰঙিয়া,২৬ ডিচেম্বৰ : কামৰূপ জিলাৰ ৰঙিয়াত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা । পুৱাই ৰঙিয়াৰ উদিয়ানা উত্তৰপথাৰৰ ৰেল লাইনত উদ্ধাৰ হয় দুটাকৈ মৃতদেহ (Dead body recoverd in railway tack)। এজন যুৱক আৰু কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।
জানিব পৰা মতে যুৱকজন মঙলদৈৰ ২০ বছৰীয়া মইনুল হক আৰু কিশোৰীগৰাকী উদিয়ানাৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী । ৰঙিয়াত ভাৰাতীয়া হিচাপে আছিল মইনুল হক । স্থানীয় লোকে জানিবলৈ দিয়া মতে দুয়োগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল (Couple commited suicide at Rangia) ।
ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । কিশোৰীগৰাকীৰ মৃত্যুত পৰিয়াল তথা সমগ্ৰ উদিয়ানাত এতিয়া শোকৰ ছাঁ পৰিছে ।
বহুতে সন্দেহ কৰা মতে দুয়োগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লৈছে । কিন্তু দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকাই কিয় আত্মহননৰ পথ বাছি ল'লে ? সমগ্ৰ ঘটনাই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :Suicide at Tezpur Central University : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা