দক্ষিণ কামৰূপ/আজাৰা, 30 জুন : মহানগৰীৰ ধাৰাপুৰৰ পূৱ মাজিৰগাঁৱত পুনৰ এজনৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰিছে । নৱ কলিতা(28) নামৰ এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19 । নৱ কলিতাই বহু দিন ধৰি কোৰিয়াৰ চাৰ্ভিছত কাম কৰি থকাৰ লগতে নিজেই এটা টেন্ট হাউছ চলাই আছিল । কৰ'ণাক্ৰান্ত এইজন লোকৰ নাই কোনো ভ্ৰমণ ইতিবৃত্ত ।
অসুস্থ অনুভৱ কৰাত যুৱকজনক স্বাৱ পৰীক্ষা কৰা হয় আৰু তেওঁৰ দেহত ক'ভিড-19 ধৰা পৰে । পিছত ব্যক্তিগৰাকীক স্বাস্থ্য বিভাগৰ লোকে 109 এম্বুলেঞ্চ সেৱাযোগে বঙৰাস্থিত পতঞ্জলি কৰ'ণা চিকিৎসালয়লৈ লৈ যায় । আনহাতে, এই ঘটনাৰ ফলত ৰাজ্যত গণ সংক্ৰমন হোৱা বুলি সকলোৱে ধাৰনা কৰিছে ৷ বৰ্তমান অঞ্চলটোত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন ৰঙিয়াৰ এগৰাকী কণ্ঠশিল্পী