ETV Bharat / state

আৰক্ষীৰ জালত বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা

হিম্মৎসিঙকাৰ.৩২ ৰিভলভাৰৰে গুলীবিদ্ধ হৈছিল সুন্দৰী যুৱতী চুহানী লষ্কৰ ওৰফে ৱাহিদা বেগম । আৰক্ষীৰ নিজাববীয়া গোচৰৰ ভিত্তিত আটক কৰা হয় হিম্মৎসিংকাক ।

আৰক্ষীৰ জালত বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা
author img

By

Published : Jul 8, 2019, 1:08 PM IST

গুৱাহাটী , ০৮ জুলাই: আমচৈ চাহ বাগিচাত যুৱতী গুলীবিদ্ধ হোৱাৰ সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাক আটক কৰে । আমিনগাঁৱৰ নাৰায়নাত গুলীবিদ্ধ যুৱতীৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাচতে উত্তৰ গুৱাহাটী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ।

আৰক্ষীৰ জালত বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা

আৰক্ষীয়ে জনোৱা অনুসৰি তথ্য প্ৰমান নষ্ট কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাৰো চেষ্টা কৰিছিল যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে । বাৰে বাৰে সংবাদ মাধ্যম আৰু আৰক্ষীৰ আগত ভাষ্য সলনি কৰিছিল সুন্দৰী যুৱতী আৰু তেওঁৰ পিতৃয়ে । ইপিনে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ সিঙৰ সফল অভিযানত মডেল গৰাকীয়ে ব্যৱহাৰ কৰা BMW বাহনখন জব্দ হয় । এই অভিযান কালতেই জব্দ হয় হিম্মৎসিংকাৰ অনুজ্ঞা পত্ৰৰ ম্যাদ উকলা .৩২ ৰিভলভাৰ আৰু ১০ জাই সজীৱ গুলী । হিম্মৎসিঙকাৰ এই .৩২ ৰিভলভাৰৰে গুলীবিদ্ধ হৈছিল সুন্দৰী যুৱতী চুহানী লষ্কৰ ওৰফে ৱাহিদা বেগম । ইয়াৰ পাচতে ঘটনাৰ প্ৰকৃত সত্য বিচাৰি উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ এটা দল ৰহাৰ আমচৈ চাহ বাগিচাৰ হিম্মৎসিংকাৰ বাহগৃহত উপস্থিত হৈছিল । আৰু সুন্দৰী যুৱতী গৰাকী গুলীবিদ্ধ হোৱাৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ U/S-120(B)/307 IPC. R/W/27/28/arms actৰ অধীনত ৰাজেশ হিম্মৎসিংকা আৰু পত্নী পুনম হিম্মৎসিংকাক তেওঁলোকৰ বাসগৃহৰ পৰা আটক কৰে । লগতে আৰক্ষীয়ে ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয় নামৰ দুজন ব্যৱসায়ীক আটক কৰে । ইয়াৰোপৰিও ঘটনাৰত ব্যৱহৃত BMW বাহন আৰু BMW বাহনখনৰ গৰাকী মালিগাৱঁৰ ব্যৱসায়ী কাৰ্তিক ৰয়ক আৰক্ষীয়ে আটক কৰে ।

Intro:*SLUG= AMINGAON HIMMATSINKA ARRESTED

SCRIPT= উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ জালত বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা । আৰক্ষীৰ নিজাববীয়া গোচৰৰ ভিত্তিত আটক হিম্মৎসিংকাক । Body:আমচৈ চাহ বাগিচাত কেনেদৰে গুলীবিদ্ধ হৈছিল যুৱতী । আমিনগাঁৱ নাৰায়নাত সম্পন্ন গুলীবিদ্ধ যুৱতীৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাছতে উত্তৰ গুৱাহাটী আৰক্ষীৰ তদন্ত আৰম্ভ । তথ্য প্ৰমান নষ্ট কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা যুৱতীৰ পৰিয়ালৰ । বাৰে বাৰে সংবাদ মাধ্যম আৰু আৰক্ষীৰ আগত ভাষ্য সলনি কৰিছিল সুন্দৰী যুৱতী আৰু পিতৃয়ে । ঘটনাৰ লগত জড়িতৰ সন্দেহত আটক হিম্মৎসিংকা আৰু পত্নী পুনম হিম্মৎসিংকাক। লগতে ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয় নামৰ দুজন ব্যৱসায়ীক আটক আৰক্ষীৰ । উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ সিংৰ সফল অভিযানত জব্দ মডেল গৰাকীয়ে ব্যৱহাৰ কৰা BMW বাহন । এই অভিযান কালতেই জব্দ হয় হিম্মৎসিংকাৰ অনুজ্ঞা পত্ৰৰ ম্যাদ উকলা .৩২ ৰিভলভাৰ আৰু ১০ জাই সজীৱ গুলী। হিম্মৎসিঙকাৰ এই .৩২ ৰিভলভাৰৰে গুলী লাগিছিল সুন্দৰী যুৱতী চুহানী লষ্কৰ ওৰফে ৱাহিদা বেগমৰ ভৰিত । Conclusion:ঘটনাৰ প্ৰকৃত সত্য বিচাৰি উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ এটা দল উপস্থিত হৈছিল ৰহাৰ আমচৈ চাহ বাগিচাৰ হিম্মৎসিংকাৰ বাহগৃহত । বাসগৃহৰ পৰাই ভাৰতীয় দণ্ডবিধি আইনৰ U/S= 120(B)/307 IPC. R/W/27/28/arms act. ৰ অধীনত আৰক্ষীয়ে আটক কৰে ৰাজেশ হিম্মৎসিংকাক । ঘটনাত ব্যৱহৃত BMW আৰু গৰাকীও আৰক্ষীৰ জালত । মহানগৰী মালিগাওঁৰ ব্যৱসায়ী কাৰ্তিক ৰয় BMWৰ গৰাকী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.