ৰঙিয়া, ৬ ফেব্ৰুৱাৰী: পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যই জুৰুলা কৰিছে সাধাৰণ ৰাইজক । শনিবাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানমৰ্মে ৰঙিয়াতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰঙিয়াস্থিত জি কে কে পেট্ৰ'ল পাম্পৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাই ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছতো বিজেপি নেতৃত্বধীন চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । লগতে মূল্যবৃদ্ধিয়ে হাৰাশাস্তি দি অহা জনসাধাৰণৰ সমস্যাৰ বিষয়ে অনুধাৱন কৰি বৰ্দ্ধিত মূল্য নিয়ন্ত্ৰণ কৰিবলৈ পুনৰ আহ্বান জনায় কংগ্ৰেছ কৰ্মীসকলে । ইয়াৰ পূৰ্বেও কেইবাবাৰো মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে ।
লগতে পঢ়ক:হাইলাকান্দিত কংগ্ৰেছৰ প্ৰতিবাদ