দক্ষিণ কামৰূপ, 16 ফেব্ৰুৱাৰী : দ্বীপৰবিলৰ পাৰত মুকলি 'পৰ্যটন সাৰথি' নামৰ এখন আঁচনিৰ । অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত মুকলি কৰা হয় আঁচনিখনৰ ৷ মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 'পৰ্যটন সাৰথি' নামৰ আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে ।
ইফালে, উক্ত স্থানতে পৰ্যটন বিভাগে চলাই অহা আন এখন আঁচনি "আমাৰ আলহি" ৰ জৰিয়তে সুবিধা লাভ কৰা অসমৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰী সকলোক মুখ্যমন্ত্ৰীয়ে অনুমোদন পত্ৰ প্ৰদান কৰে । পৰ্যটকৰ আকৰ্ষণীয় কৰি বিলখনক সজাই তুলিবলৈ এই আঁচনিৰ জৰিয়তে 10 কোটি টকাৰে গ্ৰহণ কৰা আঁচনিৰ মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ কথা আছিল যদিও বন বিভাগৰ আপত্তিৰ বাবে স্থগিত ৰাখে ।
মুখ্যমন্ত্ৰীয়ে অচিৰেই জৈৱ বৈচিত্ৰতা ৰক্ষা বন-বিভাগৰ লগত আলোচনা কৰি কাম আৰম্ভণি কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে দ্বীপৰবিলত পৰ্যটক সকলোৰ বাবে বন বিভাগৰ স্থানীয় নৌকা ভ্ৰমন সুবিধা মুকলি কৰে । আনহাতে, মুখ্যমন্ত্ৰীয়ে দ্বীপৰবিলখনৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহন কৰিব বুলিও উল্লেখ কৰে ।
উল্লেখ্য যে, অনুষ্ঠানত পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, এমট্ৰনৰ অধ্যক্ষ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাংসদ কুইন ওজা সহ পৰ্যটন আৰু বন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক : বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্য