কামৰূপ, 27 অক্টোবৰ : মঙলবাৰে অসম জাতীয় পৰিষদে বাইহাটা চাৰিআলিৰ পুঠিমাৰীত এখন সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অপৰাধী আখ্য়া দিয়ে ৷ অসমৰ যুৱক-যুৱতী সকলৰ ভবিষ্যৎ ধ্বংসৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সহযোগ কৰাৰ লগতে অপৰাধ কৰা বুলি মন্তব্য প্ৰদান কৰিছে দলটোৱে ৷
উল্লেখ্য যে, SI পৰীক্ষাত প্ৰায় 64 হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ন হৈছিল কিন্তু এই পৰীক্ষাৰ্থীৰ মানসিকতাত মুখ্যমন্ত্ৰীয়ে আঘাত হনা বুলি মন্তব্য প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ আহ্বায়ক অদীপ ফুকনে । বাইহাটা চাৰিআলিৰ পুঠিমাৰিত AJP ৰ কামৰূপ জিলা আহ্বায়ক সমিতি গঠন আৰু যোগদান সম্পৰ্কে অনুষ্ঠিত সভাৰ পিচত সংবাদমেলত এই মন্তব্য অদীপ ফুকনৰ । মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগৰ বহুকেইজন বিষয়া SI কেলেংকাৰীৰ লগত জড়িত বহু ব্যক্তি বৰ্তমানেও তদন্তৰ আওঁতাত অহা নাই বুলি দাবী উত্থাপন কৰে অদীপ ফুকনে ৷
লগতে পঢ়ক : মৰাণত প্ৰকল্পৰ ধন হৰলুকিৰ অভিযোগ ছাত্ৰ সন্থাৰ