ছয়গাঁও ২১ জুন : ছয়গাঁৱৰ ৰতনপুৰৰ পৰা যোৱা ২৮ মে’ত সংঘটিত হৈছিল এক অপহৰণ কাণ্ড ৷ ছয়গাঁৱৰ ৰতনপুৰৰ পৰা এগৰাকী কিশোৰীক অপহৰণ কৰা হৈছিল ৷ অৱশ্যে এই অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ছয়গাঁও আৰক্ষী ৷ গ্ৰেপ্তাৰ হোৱা যুৱকজন ছয়গাঁও ঢেকেনাবঢ়ী(পানীখাইতি)ৰ চাহিল হক ওৰফে চাহেনশ্বাহ ৷ আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱকজনৰ কৱলৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
জানিব পৰা মতে, যুৱকজনে ২৮ মে’ত ৰতনপুৰৰ ৰাভা উপাধিৰ এগৰাকী কিশোৰীক ফুচুলাই লৈ গৈ কিশোৰী গৰাকীৰ সৈতে আত্মগোপন কৰি আছিল ৷ অৱশেষত এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে ছয়গাঁও আৰক্ষীয়ে কৈমাৰী গাঁৱৰ এটি পৰিয়ালৰ ঘৰৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কিশোৰীগৰাকীক উদ্ধাৰ কৰে ৷
ইতিমধ্যে পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত ছয়গাঁও আৰক্ষীয়ে চাহিল হকক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 365 ধাৰাত তথা 502/ 19 নম্বৰত এটি গোচৰ ৰুজু কৰি শুকুৰবাৰে আদালতলৈ প্ৰেৰণ কৰিছে ৷ ইপিনে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷
উল্লেখ্য যে, বিবাহিত যুৱক চাহিল হকে কিশোৰী গৰাকীক বিগত দিন কেইটাত ব্লেক মেইলিঙৰ লগতে শাৰিৰীক নিৰ্যাতন চলোৱাৰ লগতে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পূৰ্বেও যুৱকজন কেইবাটাও অপৰাধমূলক ঘটনাৰ সৈতে জড়িত থকাৰ কথাও আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
লগতে চাওকঃ এখন 20 বছৰ পুৰণি স্কুটাৰঃ মাতৃসেৱাৰ সংকল্প যাত্ৰা এজন পুত্ৰৰ