ETV Bharat / state

নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলহী নৈৰ ৫১ লাখ টকীয়া আঁচনি - কলহী নৈ

ছয়গাঁৱৰ পটৰীখাটত কলহী নৈৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বৰষুণৰ পানীতেই নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ৫১ লাখটকীয়া আঁচনিৰ কাম

নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলহী নৈৰ ৫১ লাখ টকীয়া আঁচনি
author img

By

Published : May 19, 2019, 2:58 PM IST

ছয়গাঁও ১৯ মে’ :কামৰূপৰ ছয়গাঁৱৰ পটৰীখাটত কলহী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ৷ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে এজাক বৰষুণতে তললৈ বহি গ'ল খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা ব’ল্ডাৰ পিটচিং সমূহ ৷ উল্লেখযোগ্য যে, গৰাখহনীয়া প্ৰতিৰোধৰ বাবে গড়কাপ্তানি বিভাগৰ পৰা ৫১ লাখ টকাৰ এক আঁচনি লৈ বিভাগীয় ঠিকাদাৰে আৰম্ভ কৰিছিল কাম ৷

নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলহী নৈৰ ৫১ লাখ টকীয়া আঁচনি

ব’ল্ডাৰ পিটচিং কৰাৰ আগতে নৈত পেলোৱা হৈছিল ব’ল্ডাৰৰ কেজ ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ পৰ্যাপ্ত পৰিমাণে কেজ পেলোৱা নাই কলহী নৈৰ পাৰত ৷ তাৰোপৰি ব’ল্ডাৰ পিটচিং কৰাৰ সময়ত এঢলীয়া মাটিবোৰ ভালকৈ বহি নোযোৱাত এজাক বৰষুণতেই তললৈ বহি গৈছে মাটি তথা ব’ল্ডাৰ পিটচিং৷ বিগত বহু বছৰ ধৰি পটৰীখাট এলেকাত কলহীৰ গৰাখহীয়াৰ ফলত জীয়াতু ভূগি অহা ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ আঁচনিখনৰ কাম শীঘ্ৰে সমাধানৰ দাবী তুলিছে ৷

Intro:কামৰূপ জিলাৰ ছয়গাঁৱৰ পটৰীখাটত কলহী নৈৰ খহনীয়া প্ৰতিৰোধৰ আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ পালমৰা কামৰ বাবেই বানপানী নহয় বৰষুণৰ পানীতেই নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ৫১ লাখটকীয়া আঁচনিৰ কাম ৷Body:ছয়গাঁও ১৯ মে’ :কামৰূপ জিলাৰ ছয়গাঁৱৰ পটৰীখাটত কলহী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত বিভাগীয় ঠিকাদাৰে চৰম ভেকোভাওনা কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ৷ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে একমাত্ৰ সোপাঢিলা কামৰ বাবে এজাক বৰষুণতে খহনীয়া প্ৰতিৰোধৰ বাবে কৰা ব’ল্ডাৰ পিটচিং সমূহ তললৈ বহি গৈছে ৷ উল্লেখযোগ্য যে ছয়গাঁৱৰ পটৰীখাট এলেকাত কলহী নদীৰ গৰাখহনীয় এলেকা প্ৰতিৰোধৰ বাবে গডকাপ্তানি বিভাগৰ পৰা ৫১ লাখ টকাৰ এক আঁচনি লৈ বিভগীয় ঠিকাদাৰে কাম আৰম্ভ কৰিছিল ৷ সেইমতে এলেকাটোত মাটি পুৰণ কৰি এঢলীয়াকৈ ব’ল্ডাৰ পিটচিং কৰিছিল ৷ ব’ল্ডাৰ পিটচিং কৰাৰ আগতে নৈৰ বুকুত ব’ল্ডাৰৰ কেজ পেলোৱা হৈছিল ৷ কিন্তু স্থানীয় ৰাইজে অভিযোগকৰামতে নৈৰ বুকুত যিমান পৰিমাণ কেজ পেলাব লাগে সিমান পেলোৱা হোৱাোনাই ৷ আনহাতে ব’ল্ডাৰ পিটচিং কৰাৰ সময়ত এঢলীয়া মাটিবোৰ ভালকৈ বহি নোযোৱাত এতিয়া এজাক বৰষুণতেই মাটি তথা ব’ল্ডাৰ পিটচিং তললৈ বহি গৈছে ৷ ইয়াৰ উপৰি ওপৰৰ ফালে প্ৰকাণ্ড প্ৰকাণ্ড ফাট মেলিছে যাৰ ফলত যিকোনো মূহূৰ্ততে মাটিসহ ব’ল্ডাৰ নৈৰ তললৈ বহি যাব ৷Conclusion:Byte_স্থানীয় লোক
বছৰ বছৰ ধৰি পটৰীখাট এলেকাত কলহীৰ গৰাখহীয়াৰ ফলত জীয়াতু ভূগি অহা ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ আঁচনিখনৰ কাম নিয়মমতে তথা আঁচনিমতে কাম কৰিবলৈ দাবী জনাইছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.