ছয়গাঁও,১৭ মে': কামৰূপৰ ছয়গাঁৱৰ ১৭ নং ঘাইপথৰ দক্ষিণ ফালেৰে বৈ যোৱা এসময়ৰ খৰস্ৰোতা নৈ তথা বৰ্তমান মৰা কলহী নৈ হিচাপে পৰিচিত নৈখনত একাংশ লোকে বেদখল কৰাত উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ ৷ নৈখনৰ দক্ষিণ দিশে একাংশ লোকে বেদখল কৰি সুউচ্চ অট্টালিকা পৰ্যন্ত নিৰ্মাণ কৰিছে ৷ শেহতীয়াকৈ খাৰাভাংগাত এটি কোম্পানীয়ে পথ বনোৱাৰ নামত পথৰ লগতে নৈখনত বেদখল কৰি দেৱাল পৰ্যন্ত দিছে ৷ অৱশ্যে এই বিষয়ে জানিব পাৰি ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই ছয়গাঁও চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
চক্ৰ বিষয়াই তাৎক্ষণিকভাৱে কোম্পানীটোৰ দেৱাল কাৰ্য বন্ধ কৰি দিয়ে ৷ ইয়াৰ বিপৰীতে যি কেইটা পৰিয়ালে নৈখন বেদখল কৰি দেৱাল নিৰ্মাণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে চক্ৰ বিষয়াই এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷