ETV Bharat / state

গৰু চালানৰ কৰিডৰত পৰিণত গৰৈমাৰী-ছয়গাওঁ সংযোগী পথ - chaygaon

গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা ভুটভুটি নাঁৱেৰে ছয়গাঁও আৰু বৰপেটাৰ বিভিন্ন চৰলৈ যায় চোৰাং গৰু

গৰু চালানৰ কৰিডৰ
author img

By

Published : Jul 30, 2019, 10:15 PM IST

ছয়গাঁও,৩০ জুলাইঃ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাঁও-গৰৈমাৰী পথ আৰু ছয়গাঁও উকিয়াম পথ দুটা চোৰাং গৰু চালানৰ কৰিডৰত পৰিণত হোৱাৰ দাবী স্থানীয় ৰাইজৰ ৷ কেৱল চোৰাং গৰু সৰবৰাহেই নহয় বিভিন্ন চোৰাং সামগ্ৰী সৰবৰাহৰ বাবেও বিখ্যাত হৈ পৰিছে ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথ সংলগ্ন এই মূল পথ দুটা ৷ প্ৰাপ্ত তথ্য অনুসৰি এই দুটা পথেৰে সপ্তাহৰ প্ৰতিটো মঙলবাৰ আৰু প্ৰতিটো শুকুৰবাৰে সৰবৰাহ কৰা হয় চোৰাং গৰু ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ট্ৰাক বা চাৰিচকীয়া বাহনেৰে চোৰাং গৰুবোৰ আনি ছয়গাঁও গুমি পথেৰে গৰৈমাৰীলৈ যায় ৷ চোৰাং গৰুবোৰৰ একাংশ গৰৈমাৰীৰ বিভিন্ন ঠাইলৈ লৈ যোৱাৰ লগতে একাংশ গৰু চৰাঞ্চলৈ যায় ৷ বিশেষকৈ এই চোৰাং গৰুবোৰ গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ঘাটৰ পৰা ভুটভুটি নাঁৱেৰে ছয়গাঁও আৰু বৰপেটাৰ বিভিন্ন চৰলৈ যায় ৷

গৰু চালানৰ কৰিডৰ

একাংশ গৰু নদী পথেৰে অৰ্থাৎ ভুটভুটিৰে বাংলাদেশলৈ যায় বুলিও জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত গৰৈমাৰীৰ একাংশ চোৰাং বেপাৰী এই বৃহৎ গৰু চোৰ চক্ৰটোৰ লগত জড়িত আছে বুলিও জানিব পৰা গৈছে ৷ আনহাতে ছয়গাঁও ঔগুৰি পথেৰে যোৱা চোৰাং গৰুবোৰ উকিয়ামলৈ যায় আৰু উকিয়াম হৈ মেঘালয়লৈ চালান দিয়া হয় ৷ মেঘালয়লৈ লৈ যোৱা গৰু বোৰৰ একাংশ গৰু মেঘালয়ৰ লগতে একাংশ বাংলাদেশলৈ যায় ৷ এনেদৰে বছৰ বছৰ ধৰি ছয়গাঁৱৰ এই দুটা পথেৰে চোৰাং গৰুৰ সৰবৰাহ হৈ আছে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে এই চোৰাং গৰুৰ গাড়ীসমূহ আজিলৈ জব্দ কৰিবলৈ সক্ষম হোৱা নাই ৷

বিশেষকৈ ছয়গাঁও গুমি পথত নিশা সদায়ে আৰক্ষীৰ পহৰা থকাৰ পিচতো কেনেদৰে এইদৰে চোৰাং গৰু সৰবৰাহ হৈ আছে সেই লৈ ৰাইজ সন্দিহান হৈ পৰিছে ৷ নে নিশা ছয়গাঁও গুমি পথত পহৰাত থকা আৰক্ষীৰে গোপন বুজাবুজি কৰি এনেদৰে সপ্তাহত দুদিনকৈ চোৰাং গৰু সৰবৰাহ কৰি আছে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি স্থানীয় লোকে মন্তব্য কৰিছে

Intro:ছয়গাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংলগ্ন ছয়গাঁও-গৰৈমাৰী পথ আৰু ছয়গাঁও-উকিয়াম দুটা এতিয়া হৈপৰিছে চোৰাং গৰু সৰবৰাহ কৰা পথ ৷Body:চোৰাং গৰু চালানৰ কৰিডৰত পৰিণত হৈছে ছয়গাঁও-গৰৈমাৰী আৰু ছয়গাঁও- উকিয়াম পথ

ছয়গাঁও ৩০ জুলাই : ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাঁও - গৰৈমাৰী পথ আৰু ছয়গাঁও উকিয়াম পথ দুটা চোৰাং গৰু চালানৰ কৰিডৰত পৰিণত হোৱাটো পৰিলক্ষিত হৈছে ৷ কেৱল চোৰাং গৰু সৰবৰাহেই নহয় বিভিন্ন চোৰাং সামগ্ৰী সৰবৰাহৰ বাবেও বিখ্যাত হৈ পৰিছে ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথ সংলগ্ন এই মূল পথ দুটা ৷ জানিবপৰমতে এই দুটা পথেৰে সপ্তাহৰ প্ৰতিটো মঙলবাৰ আৰু প্ৰতিটো শুকুৰবাৰে চোৰাং গৰুৰ সৰবৰাহ হয় ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ট্ৰাক বা চাৰিচকীয়া বাহনেৰে চোৰাং গৰুবোৰ আনি ছয়গাঁও গুমি পথেৰে একাং গাড়ী গৰৈমাৰীলৈ যায় ৷ উক্ত চোৰাং গৰুবোৰৰ একাংশ গৰৈমাৰীৰ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে একাংশ গৰু চৰাঞ্চলৈ যায় ৷ বিশেষকৈ এই চোৰাং গৰুবোৰ গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটৰ পৰা ভূট ভূটি নাঁৱেৰে ছয়গাঁও আৰু বৰপেটাৰ বিভিন্ন চৰলৈ যায় ৷ আৰু তাৰ পৰা একাংশ গৰু নদী পথেৰে অৰ্থাৎ ভূটভূটিৰে বাংলাদেশলৈ যায় বুলিও জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত গৰৈমাৰীৰ একাংশ চোৰাং বেপাৰী এই বৃহৎ গৰু চোৰ চক্ৰটোৰ লগত জড়িত আছে বুলিও জানিব পৰা গৈছে ৷ আনহাতে ছয়গাঁও ঔগুৰি পথেৰে যোৱা চোৰাং গৰুবোৰ উকিয়ামলৈ যায় আৰু উকিয়াম হৈ মেঘালয়লৈ চালান যায় ৷ মেঘালয়লৈ লৈ যোৱা গৰু বোৰৰ একাংশ গৰু মেঘালয়ৰ লগতে একাং বাংলাদেশলৈ যায় ৷ এনেদৰে বছৰ বছৰ ধৰি ছয়গাঁৱৰ এই দুটা পথেৰে চোৰাং গৰুৰ সৰবৰাহ হৈ আছে যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে এই চোৰাং গৰুৰ গাড়ী সমূহ আজিলৈকে জব্দ কৰিবলৈ সক্ষম হোৱা নাই ৷ বিশেষকৈ ছয়গাঁও গুমি পথত নিশা সদায়ে আৰক্ষীৰ পহৰা থকাৰ পিচতো কেনেদৰে এইদৰে চোৰাং গৰু সৰবৰাহ হৈ আছে সেই লৈ ৰাইজ সন্দিহান হৈ পৰিছে ৷ নে নিশা ছয়গাঁও গুমি পথত পহৰাত থকা আৰক্ষীৰে গোপন বুজাবুজি কৰি এনেদৰে সপ্তাহত দুদিনকৈ চোৰাং গৰু সৰবৰাহ কৰি আছে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিক সন্দেহজনক বুলিও স্থানীয় লোকে মন্তব্য কৰিছে ৷ইফালে সোমবাৰে কুকুৰমাৰাত একাংশ লোকে সন্দেহজনকভাৱে এখন গৰু কঢ়িয়াই নিয়া গাড়ী জব্দ কৰি ছয়গাঁও আৰক্ষীক চমজাই দিয়াৰ পিচত গৰুৰ গৰাকীয়ে গৰুকেইটাৰ প্ৰকৃত নথি পত্ৰ আৰক্ষীক দেখাব নোৱাৰাত উক্ত জব্দকৃত গৰু কেইটা চোৰাং গৰু বুলি সন্দেহ কৰা হৈছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.