ETV Bharat / state

ছয়গাঁৱৰ ৰে'ল ক্ৰছিঙৰ কালভাৰ্টে জীয়াতু ভুগাইছে ৰাইজক - এনএফ ৰেলৱে

ছয়গাঁৱৰ গোৱৰ্ধনৰ পৰা গণকপাৰালৈ যোৱা পথটোৰ গোৱৰ্ধন হাস্পতালৰ ওচৰত নিৰ্মাণ কৰা কালভাৰ্টটোৰ পথত জমা হোৱা পানী সমূহ মাজে সময়ে ৰে’ল বিভাগে সিচাঁৰ ব্যৱস্থা কৰে যদিও পথটো যথেষ্ট দ হোৱা বাবে পথাৰৰ পানী আহি পুনৰ পথটো বুৰাই পেলাই ৷ সেয়েহে স্থানীয় ৰাইজে পথটো উন্নত পদ্ধতিৰে নিৰ্মান কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে ৷

ছয়গাঁৱৰ ৰে'ল ক্ৰছিঙৰ কালভাৰ্টে জীয়াতু ভুগাইছে ৰাইজক
author img

By

Published : May 28, 2019, 3:52 PM IST

ছয়গাঁও,28মে': ৰে’লপথ সমূহৰ লেভেল ক্ৰচিঙৰ ঠাইত কালভাৰ্ট দিয়াৰ পিচত এতিয়া একাংশ কালভাৰ্ট হৈ পৰিছে ৰাইজৰ বাবে মৰণ ফান্দ ৷ ছয়গাঁও সমষ্টিৰ দক্ষিণ পাৰেৰে যোৱা কামাখ্যা-যোগীঘোপা ৰে’ল পথটোৰ লেভেল ক্ৰচিং সমূহ বন্ধ কৰি তাৰ ঠাইত কালভাৰ্ট নিৰ্মান কৰি পথ নিৰ্মাণ কৰি দিয়া হৈছে যদিও এই পথ সমূহে ৰাইজক অধিক জুৰুলাহে কৰিছে ৷ কালভাৰ্টৰ তলেৰে নিৰ্মাণ কৰা পথ সমূহ সছৰাচৰ থকা পথ সমূহতকৈ চাপৰ হোৱাত গোটেই বাৰিষাৰ সময়ত পথটো পানীত বুৰ গৈ থাকে ৷ যাৰ ফলত পথটোৰে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে সংশ্লিষ্ট এলেকাৰ ৰাইজে ৷ ইয়াৰ পাচতে ৰাইজে উক্ত পথটো পুনৰ বিজ্ঞানসন্মতভাৱে নিৰ্মান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

Intro:ৰে’ল পথ সমূহৰ লেভেল ক্ৰচিঙৰ ঠাইত কালভাৰ্ট দিয়াৰ পিচত এতিয়া একাংশ কালভাৰ্ট ৰাইজৰ বাবে মৰণ ফান্দত পৰিণত হৈছে ৷ কালভাৰ্ট দি নিৰ্মাণ কৰা পথ সমূহত এতিয়া একাঠুৰ ওপৰত পানী ৷ যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিছে একাংশ ৰাইজে ৷Body:দক্ষিণ পাৰেৰে যোৱা কামাখ্যা যোগীঘোপা ৰে’ল পথটোৰ লেভেল ক্ৰচিং সমূহ বন্ধ কৰি তাৰ ঠাইত কালভাৰ্ট নিৰ্মাণ কৰি পথ নিৰ্মাণ কৰি দিয়া হৈছে যদিও এই পথ সমূহে ৰাইজক অধিক জুৰুলাহে কৰিছে ৷ কালভাৰ্টৰ তলেৰে নিৰ্মাণ কৰা পথ সমূহ সচাৰচৰ থকা পথ সমূহতকৈ চাপৰ হোৱাত গোটেই বাৰিষাৰ সময়ত পথটো পানীত বুৰ গৈ থাকে ৷ যাৰ ফলত পথটোৰে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগি আহিছে সংশ্লিষ্ট এলেকাৰ ৰাইজ ৷ এজাক বৰষুণ দিলেই উক্ত পথচোৱাত একাঠু পৰ্যন্ত পানীত বুৰ গৈ থাকে ৷ যাৰ ফলত তেনেকুৱা পথ এটা বন্ধ কৰিবলৈ বাধ্য হল অঞ্চলটোৰ ৰাইজ ৷ ছয়গাঁও সমষ্টিৰ গোৱৰ্ধনত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কাষেৰে যোৱা ৰে’ল পথটোত নিৰ্মাণ কৰা তেনে এটা পথটোৰে ৰাৎজে আহ যাহ কৰাৰ ক্ষেত্ৰত জীয়াতু ভূগি থকাত আজি অঞ্চলটোৰ ৰাইজে পথটো বন্ধ কৰি দিয়ে ৷ ৰাইজৰ দাবী বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগে কালভাৰ্টৰ ভিতৰৰে নিৰ্মাণ কৰা পথৰ ৷Conclusion:ছয়গাঁৱৰ গোৱৰ্ধনৰ পৰা গণকপাৰালৈ যোৱা পথটোৰ গোৱৰ্ধন হাস্পতালৰ ওচৰত নিৰ্মাণ কৰা কালভাৰ্টটোৰ পথত জমা হোৱা পানী সমূহ মাজে সময়ে ৰে’ল বিভাগে সিচাঁৰ ব্যৱস্থা কৰে যদিও পথটো যথেষ্ট দ হোৱা বাবে পথাৰৰ পানী আহি পুনৰ পথটো বুৰাই পেলাই ৷ সেয়েহে স্থানীয় ৰাইজে পথটো উন্নত পদ্ধতিৰেে নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.