ETV Bharat / state

NRC ৰ শুনানীৰ নামত পুনৰ দূৰ্ঘটনাঃ নিহত 2 গৰাকী - শুনানী

NRC ৰ শুনানিৰ পৰা আহি থকা অৱস্থাত ছয়গাঁৱৰ গোৱৰ্ধনত সংঘটিত হয় শোকাৱহ বাছ দুৰ্ঘটনা ৷ 40 জন যাত্ৰী থকা এখন আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত 2জন আৰু আহত ১৫ জন ৷

NRC ৰ শুনানীলৈ গৈ মৃত্যুমুখত পৰিল দুজন লোক
author img

By

Published : Aug 7, 2019, 9:17 AM IST

ছয়গাঁও,7আগষ্ট :

  • ছয়গাঁৱৰ গোৱৰ্ধনত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
  • 40 জন যাত্ৰী থকা এখন আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত 2জন আৰু আহত ১৫ জন ৷
  • এগৰাকী মহিলা আৰু এগৰাকী কিশোৰী দুৰ্ঘটনাটোত নিহত হয়
  • মৃত মহিলা গৰাকীৰ নাম চয়মুন নেছা আৰু কিশোৰী গৰাকীৰ নাম হ’ল আৰ্জুনা বেগম
  • মঙলবাৰে নিশা যোৰহাটৰ পৰা ছয়গাঁৱলৈ আহি থকা পথত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷
  • NRC ৰ শুনানীৰ পৰা আহি থকা অৱস্থাতে সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো ৷
  • আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
  • বিগত 3 দিনত 4টাকৈ এন আৰ চিৰ শুনানীৰ নামত সংঘটিত হয় পথ দুৰ্ঘটনাট
  • বৰ্তমানলৈ এই এন আৰ চিৰ শুনানীৰ নামত নিহত হয় 4জনকৈ লোকৰ

Intro:ৰাজ্যত পুনৰ NRC শুনানীলৈ যোৱা গাড়ী দুৰ্ঘটনাত পতিত ৷ নিশা প্ৰায় ডেৰ বজাত ছয়গাঁৱৰ গোৱৰ্ধনত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে দুজন লোক নিহত হোৱাৰ লগত আন ১৫ জন লোক গুৰুতৰভাৱে আহত হয় ৷Body:ছয়গাঁও ৭ আগষ্ট : NRC ৰ শুনানীলৈ যোৱা সকলৰ গাত যেন কালিকা লাগিছে ৷বিগত দুটা দিনত NRC ৰ শুনানীলৈ যোৱা তিনিখনকৈ গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ পিচত পুনৰ NRC ৰ শুনানীলৈ যোৱা গাড়ী দুৰ্ঘটনাত পতিত হয় ৷ নিশা যোৰহাটৰ পৰা NRC ৰ শনানীৰ পৰা ঘূৰি অহাৰ পথত ছয়গাঁৱৰ গোৱৰ্ধনত পথৰ দাঁতিত লুটি খাই পৰে AS 01 LC 3463 নম্বৰৰ আল্ট্ৰা বাছ খন ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে বকোলৈ তীব্ৰ বেগেৰে গৈ থকা বাছখনে গোৱৰ্ধনত আন এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতেই পথৰ বাওঁফালে এডাল গছত খুন্দা মৰাৰ ফলত পথৰ দাঁতিত লুটি খাই পৰে বাছখন ৷ ফলত থিতাতে এগৰাকী মহিলা আৰু এগৰাকী কিশোৰী সহ দুজন লোকৰ মৃত্যু হয় ৷ আহত হয় ১৫ জনকৈ লোক ৷ আহত লোক কেইজনক নিশাই গোৱৰ্ধনৰ ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও এজনৰ বাহিৰে আন ১৪ জন লোকৰ আঘাত গুৰুতৰ হোৱাত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ মৃত মহিলা গৰাকীৰ নাম চয়মুন নেছা আৰু কিশোৰী গৰাকীৰ নাম হ’ল আৰ্জুনা বেগম ৷ জানিব পৰামতে কালি বকোৰ ডেকাচাঙৰ প্ৰায় ৪০ জন লোকে উক্ত বাছখনেৰে যোৰহাটলৈ NRC ৰ শুনানীৰ বাবে গৈ নিশা যোৰহাটৰ পৰা বকোলৈ ঘূৰি অহাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.