ETV Bharat / state

অগপৰ সাধাৰণ সভাত উত্তজেনা: তৃণমূল কৰ্মীৰ ৰোষত পৰি বিধায়ক সত্যব্ৰত কলিতাৰ পলায়ন

author img

By

Published : Dec 6, 2019, 8:16 PM IST

কেবক লৈ দলৰ সিদ্ধান্তৰ বিৰোধিতাৰে অগপ কৰ্মীৰ ক্ষোভৰ বহিঃ প্ৰকাশ ৷ নাগৰিকত্ব সংশোধী বিধেয়কৰ ওপৰত আলোচনা কৰিবলৈ গৈ অগপ কৰ্মীৰ কটু বাক্যৰ সন্মুখীন কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাৰ লগতে দলৰ সাধাৰণ সম্পাদক কমলা কলিতা ৷ দুয়োগৰাকী নেতাৰ নিৰাপত্তাৰক্ষীৰে তৃণমূল কৰ্মীৰ হতাহতি ৷ ৰাইজৰ ক্ষোভ দুই নেতাৰ পলায়ন ৷

ৰঙিয়াত অগপৰ সাধাৰণ সভাত উত্তজেনা: তৃণমূল কৰ্মীৰ ৰোষত পৰি বিধায়ক সত্যব্ৰত কলিতাৰ পলায়ন
ৰঙিয়াত অগপৰ সাধাৰণ সভাত উত্তজেনা: তৃণমূল কৰ্মীৰ ৰোষত পৰি বিধায়ক সত্যব্ৰত কলিতাৰ পলায়ন

ৰঙিয়া, 6 ডিচেম্বৰ : শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল অগপৰ ৰঙিয়া বিধান পৰিষদৰ সাধাৰণ সভাত ৷ শুকুৰবাৰে সন্ধিয়া চহৰখনৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত সভাখনত কেবক লৈ ক্ষোভৰ তীব্ৰ বহিঃপ্ৰকাশ ঘটিল অসম গণ পৰিষদৰ তৃণমূল কৰ্মীৰ ৷ ঘটনা অনুসৰি কেবক লৈ কৰ্মীসকলৰ সৈতে আলোচনা কৰিবলৈ ৰঙিয়াত উপস্থিত হৈছিল স্থানীয় কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ লগতে দলটোৰ সাধাৰণ সম্পাদক কমলা কলিতা ৷

সভা চলি থকা মাজতে দুয়ো নেতাই কেব সন্দৰ্ভত কৰ্মীৰ সকলৰ মতামত জানিব বিচৰাত সভাত উপস্থিত অগপ কৰ্মীসকলে দুয়োগৰাকী নেতাক উদ্দেশ্যি, "আপোনালোকে জাতি বিক্ৰী কৰিছে", " আমাক কেব নালাগে", "বিজেপিৰ হৈ ৰাইজৰ আগত দালালি নকৰিব" ধ্বনিৰে সভাৰ পৰিস্থিতি উত্তাল কৰি তোলে ৷ ইয়াৰ পাছতে নেতা দুগৰাকীৰ নিৰাপত্তাৰক্ষীৰে হতাহতি পৰ্যন্ত হয় ক্ষোভিত তৃণমূল কৰ্মীসকল ৷ ইয়াৰ পাছতে পৰিস্থিতি বিষম দেখি সভা আধাতে সামৰি পলায়ন কৰিবলৈ বাধ্য হয় দুই অগপ নেতা ক্ৰমে কমলা কলিতা আৰু সত্যব্ৰত কলিতা ৷ সভাৰ পাছতে সাংবাদিকৰে হোৱা মুখা-মুখিত তৃণমূল কৰ্মীসকলে কয় যে, অগপৰ শীৰ্ষ নেতৃত্বই কেবক সমৰ্থন কৰি অসমীয়াৰ লগত বিশ্বাসঘাতকতা কৰিছে ই কোনো কাৰণতে সমৰ্থনযোগ্য নহয় ৷

আৰু পঢ়ক: কেবৰ বিৰোধিতাৰে অগপৰ কাৰ্যালয় ঘেৰাও কটনিয়ানৰ

Intro:ৰঙিয়াত অগপৰ ৰঙিয়া বিধান পৰিষদৰ সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি।Body:ৰঙিয়াত অগপৰ ৰঙিয়া বিধান পৰিষদৰ সাধাৰণ সভাত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি সন্ধিয়া ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত সভাখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অগপ কৰ্মীয়ে ক্ষোভ উজাৰে। অগপৰ সাধাৰণ সম্পাদক তথা খাদী ব'ৰ্ডৰ অধ্যক্ষ কমলা কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক তথা সম্পাদক সত্যব্ৰত কলিতাক কটু বাক্য শুনালে অগপৰ তৃণমূল কৰ্মীয়ে । 'কেব'ক লৈ সত্যব্ৰত কলিতা আৰু কমলা কলিতাৰ সৈতে বাক্ বিতণ্ডা হয় বহু কৰ্মীৰ। আনকি দুয়োগৰাকী নেতাৰ নিৰাপত্তাৰক্ষী আৰু তৃণমূল কৰ্মীৰ মাজত হতাহতি পৰ্যন্ত হয়। তৃণমূল কৰ্মীৰ ক্ষোভৰ মুখামুখি হব নোৱাৰি দুয়োগৰাকী নেতা পিছত সভা আধাতে সামৰি আঁতৰি যায়। উল্লেখ্য যে আজি অগপৰ ৰঙিয়া বিধান পৰিষদ সমিতি গঠন কৰাৰ বাবে এখন সভাৰ আয়োজন কৰা হৈছিল। উক্ত সভাত মহকুমাটোৰ এগৰাকী বিধায়ক হিচাপে সত্যব্ৰত কলিতাই উপস্থিত থকাৰ লগতে সম্পাদক ডাঃ কমলা কলিতাই পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। সভাখনৰ আৰম্ভনিতে তৃণমূল কৰ্মীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো আলোচনা কৰিব বিচাৰে যদিও বিধায়ক সত্যব্ৰত কলিতা আৰু সম্পাদক কমলা কলিতাই বিষয়টো আলোচনা কৰিবলৈ সন্মত নহয়। এইলৈ কৰ্মী সকলে তীব্ৰ প্ৰতিবাদ জনায়। ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। পিছত তৃণমূল কৰ্মীৰ প্ৰতিবাদৰ বাবে সভা সম্পূৰ্ণ কৰিব নোৱাৰি দুয়োগৰাকী নেতাই আঁতৰি যাব লগা হয়। মুঠৰ ওপৰত 'কেব'ক লৈ তৃণমূল কৰ্মীৰ ক্ষোভৰ সন্মুখীন হৈ অগপৰ নেতাই এনেদৰে পৃষ্ঠভংগ দিব লগা হয় ।
Bite:- দলীয় কৰ্মীConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.