গুৱাহাটী,27অক্টোবৰঃ ৰাজধানী গুৱাহাটীৰ লগতে বিভিন্ন ঠাইত চিলনী চোৰ আৰু ইৰানী গ্ৰুপৰ সন্ত্ৰাসে টোপনি হৰিছে আৰক্ষীৰ ৷ তাৰ মাজতে চাংসাৰিত আটক হৈছে এগৰাকী ৫৫ বছৰীয়া মহিলা সহ এজন যুৱক । ধৃত দুয়োজনৰে ঘৰ বিহাৰত । অৱশ্যে ইয়াৰে আন এজন পলাই সাৰিবলৈ সক্ষম হয় । ইতিমধ্যে তেওঁলোকৰ পৰা এখন নম্বৰ প্লেট বিহীন তথা নতুনকৈ ক্ৰয় কৰা পালচাৰ বাইকো উদ্ধাৰ কৰিছে আৰক্ষীয়ে । চাংসাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধিয়ে জানিবলৈ দিয়া মতে চাংসাৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত ইৰানী গ্ৰুপৰ 3 সদস্যৰ সন্ধেহজনক চাল চলনত সেইসময়ত তাত উপস্থিত থকা ৰাইজৰ দৃষ্টিগোচৰ হয় । ইয়াৰ পাছত তিনিওজনক সোধ পোচ কৰিবলৈ লওঁতেই পলাবলৈ চেষ্টা চলায় আৰু ৰাইজে আটক কৰি উত্তম মাধ্যম দি আৰক্ষীক খবৰ দিয়ে । ইয়াৰ মাজতে এজনে পলাই যায়বৈ সক্ষম হয় ।
আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুই সদস্য ক্ৰমে বিহাৰৰ ৰাজেশ সিং আৰু চিমা সিং । ইপিনে ৰাজেশ সিং নামৰ যুৱকজন ইয়াৰ পূৰ্ৱেও মঙলদৈ আৰু বাইহাটাত দুবাৰকৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে চাংসাৰি আৰক্ষীয়ে ধৃত ৰাজেশ সিং আৰু মহিলা গৰাকীক আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ।