ETV Bharat / state

ড্ৰাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত বহিল প্ৰাক্তন মন্ত্ৰী অকন বৰা

author img

By

Published : Jul 7, 2021, 6:40 PM IST

Updated : Jul 7, 2021, 7:17 PM IST

চন্দ্ৰপুৰত চলি থকা ধাৰাবাহিক প্ৰতিবাদে এপষেক অতিক্ৰম কৰাৰ উপক্ৰম হৈছে ৷ কিন্তু গুৱাহাটী পৌৰ নিগম আৰু জিলা প্ৰশাসনে আকোঁৰগোজ হৈ অব্যাহত ৰাখিছে চন্দ্ৰপুৰত গুৱাহাটীৰ আৱৰ্জনা পেলোৱা কাৰ্য । বুধবাৰে জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হয় মন্ত্ৰী অকণ বৰা ৷

chandrapur-locals-protest-shifting-of-dumping-ground-etv-bharat-assam
ড্ৰাম্পিং গ্ৰাউণ্ডৰ প্ৰতিবাদত বহিল মন্ত্ৰী অকন বৰা

গুৱাহাটী, 7 জুলাই : চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground) স্থাপনৰ বিৰুদ্ধে অব্যাহত আছে স্থানীয় লোকৰ প্ৰতিবাদ । বুধবাৰেও চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ উদ্যোগত চন্দ্ৰপুৰৰ জ্যেষ্ঠ নাগৰিক সকলে পুৱা ১১ বজাৰ পৰা জ্যেষ্ঠ নাগৰিকৰ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী অকণ বৰা প্ৰতিবাদস্থলীত উপস্থিত হৈ ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰে ।

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ চন্দ্ৰপুৰত চৰকাৰে যি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিব বিচাৰিছে সেয়া জনস্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য় কৰে । চৰকাৰক এই সিদ্ধান্ত অতিশীঘ্ৰেই বাতিল কৰিবলৈ আহ্বান জনায় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে । তদুপৰি সাংবাদিকৰ এক প্ৰশ্নত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে সমাগত অসম বিধান সভা অধিবেশনত কংগ্ৰেছ দলৰ পৰা ডাম্পিং গ্ৰাউণ্ডৰ বিষয়টো উত্থাপন কৰিব বুলি উল্লেখ কৰি বৰ্তমানৰ বিধায়ক গৰাকীৰ ওপৰতো তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

ইফালে আকৌ চন্দ্ৰপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত চন্দ্ৰপুৰ ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ বাকৰিত বুধবাৰে পুৱা ৯ বজাৰ পৰা ২ বজালৈ পাচ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰি চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতা কৰে । চন্দ্ৰপুৰ ব্লক কংগ্ৰেছ সমিতিয়ে একে মুখে চৰকাৰৰ এই সিদ্ধান্তক ধিক্কাৰ জনায় ।

উল্লেখ্য যে, চন্দ্ৰপুৰত চলি থকা প্ৰতিবাদৰ মাজতেই কিছুদিন পূৰ্বে ৰাইজৰ ওজৰ আপত্তিক একাষৰীয়া কৰি চন্দ্ৰপুৰত উপস্থিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ জাৱৰ ভৰ্তি ডাম্পাৰ । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুৱাই চন্দ্ৰপুৰত উপস্থিত হৈছিল জাৱৰ ভৰ্তি ডাম্পাৰ । সাতখনকৈ পৌৰ নিগমৰ ডাম্পাৰেৰে যুদ্ধ সদৃশ পৰিৱেশৰ মাজেৰে চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পত থকা আৱাসিক এলেকালৈ নিয়া হৈছিল পৌৰ নিগম তথা আৰক্ষী প্ৰশাসনৰ সহযোগত জাৱৰ ভৰ্তি গাড়ীসমূহ ।

বিগত 26 জুনৰ পৰা চন্দ্রপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে চন্দ্ৰপুৰৰ ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ । চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড (Chandrapur Dumping Ground)স্থাপন কৰাৰ বাবে বদ্ধ পৰিকৰ চৰকাৰ । সেয়েহে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও ৰাজ্যিক ঘাইপথৰ দুয়োকাষে চন্দ্ৰপুৰৰ পৰা তাপবিদ্যুৎ প্ৰকল্প (Chandrapur Thermal Power Plant)ৰ আবাসস্থলীলৈ গঢ়া হৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ।

লগতে পঢ়ক:গুৱাহাটী মহানগৰীৰ জাৱৰৰ বোজা নলয় চন্দ্ৰপুৰবাসীয়ে

Last Updated : Jul 7, 2021, 7:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.