ছয়গাঁও,১৩ আগষ্টঃ ছয়গাঁও গাঁও পঞ্চায়ত কাৰ্যালয়টো বৰ্তমান স্থানৰ পৰা ছয়গাঁও বজাৰৰ মাজলৈ স্থানান্তৰিত কৰাৰ যো-জা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বৰ্তমান কোনো অসুবিধা নোহোৱাকৈ চলি থকা কাৰ্যালয়টো আঞ্চলিক পঞ্চায়তৰ লগতে গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ নোহোৱাকৈ স্থানান্তৰ কৰাৰ বাবে গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ নেতৃত্বত নতুন কাৰ্যালয়টোৰ বাবে যোৱা ৭ আগষ্টত নতুন স্থানত আধাৰশিলাও স্থাপন কৰে ৷ পঞ্চায়ত সভানেত্ৰীয়ে নিজৰ মুনাফা লুটাৰ লগতে একমাত্ৰ ৰাজনৈতিক লাভালাভৰ অংকত গাৰ জোৰেৰে এনেদৰে ছয়গাঁও গাঁও পঞ্চায়তৰ কাৰ্যালয়টো আপত্তিবিহীন প্ৰমাণ পত্ৰ নোহোৱাকৈ ছয়গাঁও বজাৰত নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপনৰ ব্যৱস্থা কৰে বুলি স্থানীয় লোকে অভিযোগ কৰে ।
ইপিনে আয়ুক্ত কাৰ্যালয়ৰ পৰা কোনো সেউজ সংকেট তথা আপত্তবিহীন প্ৰমাণ পত্ৰ নোপোৱাকৈয়ে গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে গাৰ জোৰেৰে যোৱা ৭ আগষ্টত খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতাৰ দ্বাৰা নতুন কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷
উল্লেখযোগ্য যে, ছয়গাঁও গাঁও পঞ্চায়ত কাৰ্যালয়টো ছয়গাঁও বজাৰৰ মাজমজিয়াত য’ত নিৰ্মাণ কৰিব তাত ইতিমধ্যে মাৰ্কেট নিৰ্মাণ কৰা হৈছে ৷ কেইবছৰমানৰ পূৰ্বে বজাৰৰ উক্ত স্থানত এছ জি এছ ওৱাই আঁচনিৰ অধীনত বৃহৎ মাৰ্কেট নিৰ্মাণ কাৰ্য আৰম্ভ কৰি তাৰ কাম প্ৰায় শেষ হৈছে ৷ উক্ত মাৰ্কেটত বহু সংখ্যক ব্যৱসায়ীয়ে ব্যৱসায় কৰাৰ সুযোগ লাভ কৰিব ৷ আনহাতে নতুন মাৰ্কেট বিল্ডিং বনোৱাৰ আগতে তাত ব্যৱসায় কৰি থকা ব্যৱসায়ী সকলক বিল্ডিংৰ কাম সম্পূৰ্ণ হ’লেই তাত ব্যৱসায় কৰাৰ বাবে সুযোগ দিয়াৰ কথা ৷ কিন্তু উক্ত মাৰ্কেট নিৰ্মাণৰ স্থানত গাঁও পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণ কৰিলে বহু ব্যৱসায়ী উক্ত স্থানত ব্যৱসায় কৰাৰ পৰা বঞ্চিত হ’ব । উল্লেখযোগ্য যে, ছয়গাঁও গাঁও পঞ্চায়তৰ নতুন কাৰ্যালয়টো বজাৰত নতুন স্থানত নিৰ্মাণ কৰাৰ সলনি মাৰ্কেট প্ৰথম মহলাত নিৰ্মাণ কৰিব ৷ এই নিৰ্মাণ কাৰ্যৰ বাবে চতুৰ্দশ বিত্ত আয়োগৰ ১৮ লাখ ৯০ হেজাৰ টকা ধাৰ্য কৰা হৈছে ৷
লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ অভিযান