ETV Bharat / state

শিল্পী দিৱসৰ মজিয়াৰ পৰাই CAA বিৰোধী হুংকাৰ - জ‍্যোতিপ্ৰসাদ আগৰৱালা

ৰঙিয়াৰ ধুহিতত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী দিৱস উদযাপিত ৷ অংশগ্ৰহণ কৰে জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাকে ধৰি অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷

Celebrete Silpi Diwas at Rangiya
শিল্পী দিৱসৰ মজিয়াৰ পৰাই CAA বিৰোধী হুংকাৰ
author img

By

Published : Jan 18, 2020, 8:34 PM IST

ৰঙিয়া, 18 জানুৱাৰীঃ শিল্পী দিৱসৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত থাকিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগ্ৰাম ৷ শনিবাৰে ৰঙিয়াৰ ধুহিতত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপিত হ’ল শিল্পী দিৱস ৷ জ্যোতিৰ জেউতিৰ সোঁৱৰণী অনুষ্ঠানত অংশগ্ৰহণ অভিনেত্ৰী বৰষাৰাণী বিষয়া তথা জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ জ‍্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধা নিবেদন কৰি বৰষাৰাণী বিষয়াই অসমীয়া বোলছবি জগতখনত অভিনয় কৰিবলৈ সক্ষম হোৱাৰ শ্ৰেয় আগৰৱালা দেৱলৈ আগবঢ়ায়।

শিল্পী দিৱসৰ মজিয়াৰ পৰাই CAA বিৰোধী হুংকাৰ

আনহাতে, নিজৰ ভাষণত অভিনেত্ৰী গৰাকীয়ে সংশোধিত নাগৰিকত্ব আইন প্ৰসংগ টানি আনি ধৰ্মৰ নামত ৰাজনীতি কৰাসকলক কয় যে শ্বহীদৰ কোনো ধৰ্ম নাই, জাতি বচাবলৈ আন্দোলন কৰিবলৈ ওলাই অহা প্ৰতিজনেই অসমীয়া । লগতে তেওঁ সকিয়াই দিয়ে যে অসমীয়াই পাঁচ লাখ কিয় এজনো বিদেশী মানি নলয়। চৰকাৰে যে গোটেই অসম জুৰি চলি থকা আন্দোলনক দেখিও নেদেখা হৈ থাকি গণতন্ত্ৰক নস‍্যাৎ কৰি আছে, এই বিষয়েও অভিনেত্ৰী গৰাকীয়ে বিষোদগাৰ প্ৰকাশ কৰে। লগতে কয় যে, জাতি বচাবলৈ হ'লে কৰ্ম সংস্কৃতি গঢ়িব লাগিব, যেতিয়া পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত থাকিব তেতিয়াহে জাতি বাচিব। আনহাতে, অভিনেত্ৰীগৰাকীয়ে জ‍্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিখ্যাত নাটক লভিতাৰ এটি সংলাপ আওৰাই দৰ্শকক আমোদ দিয়ে ।

ইফালে, জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভুঞাই সভাখনত উপষ্ঠিত থাকি কয় কংগ্ৰেছৰ অপশাসন আৰু বাংলাদেশী মুক্ত অসমৰ আশাত অসমীয়া ৰাইজে বিজেপিক ভোট দিছিল। পিচে ৰাইজক হতাশ কৰি বিজেপিয়ে CAA প্ৰৱৰ্তন কৰি অসমত বাংলাদেশী জাপি দিব বিচাৰিছে। আনহাতে প্ৰধানমন্ত্ৰীয়ে দুবাৰকৈ অসম ভ্ৰমণ বাতিল কৰাৰ আঁৰত আন্দোলনৰ প্ৰতি ভয় বুলি কৈ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰ্তমানৰ বদন বৰফুন।

আৰু পঢ়কঃবিৰ্তকৰ ওৰ পেলাই ৰাজপথত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী

Intro:ৰঙিয়াৰ ধুহিত বৰষাৰাণী বিষয়াBody:শনিবাৰে ৰঙিয়াৰ ধুহিত ছাত্ৰ সন্থাৰদ্বাৰ আয়োজিত শিল্পী দিৱসত উদাত্ত কণ্ঠেৰে ভাষণ দিলে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। জ‍্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধা নিবেদন কৰি তেওঁ অসমীয়া চিনেমা জগত খনত অভিনয় কৰিবলৈ সক্ষম হোৱাৰ শ্ৰেয় আগৰৱালা দেবলৈ আগবঢ়ায়। CAA বিৰোধী আন্দোলনৰ প্ৰসংগ টানি আনি লগতে কয় যে, আগৰৱালা দেবে বিদেশত শিক্ষা গ্ৰহণ কৰি বিদেশত সংস্থাপিত নহৈ অসমলৈ ওভতি আহিছিল আৰু অসমীয়া ভাষাত প্ৰথমখন কথাছবি নিৰ্মাণ কৰাৰ লগতে অসমীয়া ভাষাৰ উন্নতিৰ হকে যথেষ্ট কাম কৰিছিল। এই উপলক্ষে তেওঁ জ‍্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিখ্যাত নাটক লভতাৰ এটি সংলাপ আওৰাই। আনহাতে CAA ৰ বিৰুদ্ধে কবলৈ গৈ তেওঁ ধৰ্মৰ নামত ৰাজনীতি কৰা সকলক কয় যে শ্বহীদৰ কোনো ধৰ্ম নাই, জাতি বচাবলৈ আন্দোলন কৰিবলৈ ওলাই অহা প্ৰতিজনেই অসমীয়া। লগতে তেওঁ সকিয়াই দিয়ে যে অসমীয়াই পাঁচলাখ কিয় এজনো বিদেশী মানি নলয়। চৰকাৰে যে গোটেই অসম জুৰি চলি থকা আন্দোলনক দেখিও নেদেখা হৈ থাকি গণতন্ত্ৰক নস‍্যাৎ কৰি আছে, এই বিষয়েও অভিনেত্ৰী গৰাকীয়ে বিষোদগাৰ প্ৰকাশ কৰে। লগতে কয় যে জাতি বচাবলৈ হ'লে কৰ্ম সংস্কৃতি গঢ়িব লাগিব, যেতিয়া পথাৰ আৰু বজাৰ অসমীয়াৰ হাতত থাকিব তেতিয়াহে জাতি বাচিব।
আনহাতে জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভুঞাই সভাখনত উপষ্ঠিত থাকি কয় যে কংগ্ৰেছৰ অপশাসন আৰু বাংলাদেশী মুক্ত অসমৰ আশাত অসমীয়া ৰাইজে বিজেপিক ভোট দিছিল। পিছে ৰাইজক হতাশ কৰি বিজেপিয়ে CAA প্ৰৱৰ্তন কৰি অসমত বাংলাদেশী জাপি দিব বিচাৰিছে। আনহাতে প্ৰধানমন্ত্ৰীয়ে দুবাৰকৈ অসম ভ্ৰমণ বাতিল কৰাৰ আৰত আন্দোলনৰ প্ৰতি ভয় বুলি কৈ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল বৰ্তমানৰ বদন বৰফুন।

Bite:- বৰষাৰাণী বিষয়া, অজিত কুমাৰ ভূঞাConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.