ৰঙিয়া, 11 জুন : আতঃজিলা যাতায়ত বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত গভীৰ সংকটত পৰিছে ৰঙিয়াৰ পৰা গুৱাহাটীলৈ চলাচল কৰা বাছৰ মালিক, চালক আৰু কৰ্মচাৰীসকল ৷ আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধ থকাৰ বাবে লোকচানৰ সন্মুখীন হৈছে ৰঙিয়া প্ৰায় 50 খন বাছৰ মালিকৰ লগতে কৰ্মচাৰী সকল ৷ উপাৰ্জনৰ পথা বন্ধ হৈ পৰাত জীৱিকাকলৈ দুঃচিন্তাত ভুগিছে এইসকল লোকে ৷
চালক, পৰিচালক আৰু হেণ্ডিমেনৰ সকলৰো অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে ৷ সামাজিক দূৰত্ব বজাই ৰাখি 30 শতাংশ যাত্ৰীৰে চৰকাৰে ব্যক্তিগত মালিকানাধীন বাছসমুহ চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ অৰ্থাৎ এখন বাছত সৰ্বাধিক 14 জন যাত্ৰীহে কঢ়িওৱাৰ অনুমতি আছে ৷ কিন্তু বাছসমুহ চলাচল কৰাৰ ক্ষেত্ৰত আহি পৰিছে এটাৰ পিছত আন এটা অসুবিধা ।
ইফালে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি আৰু টোল গেটত আদায় দিব লগা কৰৰ বাবে দিনটোৰ শেষত মাত্ৰ 14 জন যাত্ৰী কঢ়িওৱা বাছ একোখনে বৃহৎ লোকচানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ উপৰিও ক'ভিডৰ আতংকৰ বাবে বেছিভাগ যাত্ৰীয়ে ৰাজহুৱা পৰিবহন ব্যৱস্থাৰে যাতায়ত কৰিবলৈ সংকোচ কৰাৰ বাবেও অন্য এক অসুবিধাৰ সৃষ্টি হৈছে ৷
আৰ্থিক দুৰৱস্থাৰ বাবে এই সকল লোকে পৰিয়াল পোহপাল দিব নোৱাৰি হতাশ হৈ পৰিছে ৷ এসাঁজ খাই এসাঁজ লঘোনে থকা পৰিস্থিতিৰ সৃষ্টি হৈছে এইসকল লোকৰ । উপায়হীন হৈ সহায়ৰ বাবে চৰকাৰলৈ অনুৰোধ কৰিছে এইসকল লোকে ৷
লগতে পঢ়কঃ নামৰূপ চাহ বাগিচাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ