ETV Bharat / state

দক্ষিণ কামৰূপত অব্যাহত বনাঞ্চল ধ্বংস যজ্ঞ

author img

By

Published : Aug 27, 2019, 6:47 PM IST

দক্ষিণ কামৰূপত অব্যাহত আছে বন ধ্বংসলীলা৷ পশ্চিম কামৰূপ বন সংমণ্ডল অঞ্চলৰ বিভিন্ন স্থানৰ পৰা অপৈণত শাল আৰু চেগুন কাটি তহলিং কৰিছে দুষ্কৃতিকাৰীয়ে৷ প্ৰতিদিনে উদ্ধাৰ হৈ আছে ট্ৰাকে ট্ৰাকে মূল্যবান গছৰ কুণ্ডা৷

দক্ষিণ কামৰূপত অব্যাহত বনাঞ্চল ধ্বংস যজ্ঞ

ছয়গাঁও, 27 আগষ্টঃ পশ্চিম কামৰূপ বন সংমণ্ডল অন্তৰ্গত ছয়গাঁৱৰ প্ৰীতিপুৰৰ পৰা মঙলবাৰে ৰাতিপুৱা বৃহৎ পৰিমাণৰ শাল আৰু চেগুনৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ এটা দলে । প্ৰায় দুই লাখ টকাৰ মূল্যৰ ২৮ টুকুৰা শাল ও চেগুনৰ কুণ্ডা জব্দ কৰে দলটোৱে । সোমবাৰে নিশা লামপাৰাৰ সমীপৰ গোহাইগুৰুং সংৰক্ষিত বনাঞ্চল আৰু লামপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ বনাঞ্চলত দুৰ্বৃত্তই ধ্বংস কৰে বহুকেইডাল শাল আৰু চেগুন । এই তথ্য লাভ কৰাৰ পিছতেই বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত এটা দলে অভিযান আৰম্ভ কৰে । অৱশেষত দলটোৱে কুণ্ডাকেইটা প্ৰীতিপুৰৰ এখন বাকৰিত উদ্ধাৰ কৰে যদিও গাওঁখনৰ একাংশ লোকে কুণ্ডা জব্দ কৰাত বাধা প্ৰদান কৰে ৷ কিছুসময়ৰ পাছত পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰঞ্জন গোস্বামীৰ নিৰ্দেশত ঘটনাস্থলীত শিংৰা বন বিষয়াৰ কাৰ্যালয়, কুকুৰমাৰা বন বিষয়াৰ কাৰ্যালয়ৰ বাহিনী তথা বকো আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে ।

দক্ষিণ কামৰূপত অব্যাহত বনাঞ্চল ধ্বংস যজ্ঞ

ঘটনা সন্দৰ্ভত বৰ্তমানলৈ এজনকো আটক কৰা হোৱা নাই ৷ বনাঞ্চলিক বিষয়া লক্ষেশ্বৰ দাসে জনোৱা অনুসৰি, তেওঁলোকে ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব ৷

Intro:Body:দক্ষিণ কামৰূপত অব্যাহত আছে বন ধংসলীলা৷ পশ্চিম কামৰূপ বন সংমণ্ডল অঞ্চলৰ বিভিন্ন স্থানৰ পৰা অপনৈত শাল চেগুন কাটি তহলিং কৰিলে দূস্কৃতিকাৰীয়ে৷ প্ৰতিদিনে উদ্ধাৰ হৈ আছে ট্ৰাকে ট্ৰাকে মূল্যবান গছৰ কুণ্ডা৷ বন বিভাগে ৰোধ কৰিব পৰা নাই এই ধংস কাৰ্য৷ পশ্চিম কামৰূপ বন সংমণ্ডল অন্তৰ্গত ছয়গাঁৱৰ প্ৰীতিপুৰৰ পৰা আজি ৰাতিপুৱা বৃহৎ পৰিমাণৰ শাল, চেগুনৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ এটা দলে। প্ৰায় দুই লাখ টকাৰ মূল্যৰ ২৮ টুকুৰা শাল, চেগুনৰ কুণ্ডা জব্দ কৰে। বকো আৰক্ষী সহযোগত এই অভিযান চলাই। যোৱা নিশা লামপাৰাৰ সমীপৰ গোহাইগুৰুং সংৰক্ষিত বনাঞ্চল, লামপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ বনাঞ্চলত দুৰ্বৃত্তই ধ্বংস কৰে বহুকেইডাল শাল, চেগুন। খৱৰ লাভ কৰাৰ পিছতে বামুণীগাঁও বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ লগত এটা দলে অভিযান আৰম্ভ কৰে। অৱশেষত দলটোৱে কুণ্ডাকেইটা প্ৰীতিপুৰৰ এখন বাকৰিত উদ্ধাৰ কৰে যদিও
গাওঁখনৰ একাংশ লোকে কুণ্ডা জব্দ কৰাত বাধাপ্ৰদান কৰে যদিও পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰঞ্জন গোস্বামীৰ নিৰ্দেশত ঘটনাস্থলীত শিংৰা বন বিষয়াৰ কাৰ্যালয়, কুকুৰমাৰা বন বিষয়াৰ কাৰ্যালয়ৰ বাহিনী তথা
বকো আৰক্ষী উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈ এজনকো আটক কৰা নাই, যদিও ৰেঞ্জাৰ লক্ষেশ্বৰ দাসে জনাই যে, তেওঁলোকে এই বিষয়ত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব।

Byte- লক্ষেশ্বৰ দাস, ৰেঞ্জাৰ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.