ETV Bharat / state

দক্ষিণ কামৰূপৰ বকোত পৰম্পৰাগতভাৱে অনুষ্ঠিত ১০৭সংখ্যক সুঁৱৰী উৎসৱ

author img

By

Published : Apr 22, 2019, 1:47 PM IST

পৰম্পৰাগতভাৱে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ প্ৰদৰ্শনী তথা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰে ভৰি পৰিল সুঁৱৰীস্থলী

১০৭সংখ্যক সুঁৱৰী উৎসৱ

কামৰূপ,২২ এপ্ৰিলঃ অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ আনন্দ উচাহৰ মাজতে দক্ষিণ কামৰূপৰ বকোৰ ঐতিহ্যমণ্ডিত সুঁৱৰী উৎসৱত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈছে বিভিন্ন খেল ধেমালী প্ৰতিযোগিতাৰ লগতে প্ৰদৰ্শনী অনুষ্ঠান। ইয়াৰোপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰে ভৰি পৰিল বকোৰ সুঁৱৰীস্থলী। সুঁৱৰী উৎসৱ উপলক্ষে লোকাৰণ্য হৈ পৰে বকোৰ সুঁৱৰি বাকৰি ।

১০৭সংখ্যক সুঁৱৰী উৎসৱ

বিশেষকৈ ৰাভা,বড়ো,গাৰো আদি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিত ৰজনজনাই উঠিল বকোৰ আকাশ বতাহ। নামনি অসমৰ কৃষ্টি সংস্কৃতিৰ হানা ঘোৰা, পাৰবাহ, বানগাল নৃত্যৰ উপৰিও মুকলি আকাশৰ তলত প্ৰদৰ্শিত হ'ল বিহু হুঁচৰি, বাগুৰুম্বা, বাঘজৰী আদি জনগোষ্ঠীয় সাংস্কৃতি । বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠিত হ'ল ঘোঁৰা দৌৰ, হাতী দৌৰ, হাতী যুজঁ, ল'ৰাৰ দৌৰ, মহিলাৰ ৰছী টনা, তেল গছ বগোৱা আদি বিভিন্নধৰণৰ প্ৰতিযোগিতা ।

Intro:অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ আনন্দ উছাহত মতলীয়া হৈ পৰা সময়তে দক্ষিণ কামৰূপৰ বকোৰ ঐতিহ্যমণ্ডিত সুঁৱৰী উৎসৱত পৰস্পৰাগত ভাবে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ প্ৰদৰ্শনীৰে মতলীয়া কৰিছে দৰ্শক ৰাইজক। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰে ভৰি পৰিল বকো সুঁৱৰীস্হলী। ১০৭ বছৰীয়া সুঁৱৰী উৎসৱটি উপভোগ কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰিল বকোৰ সুঁৱৰী স্হলী।Body:অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ সমান্তৰালকৈ সাত বহাগত দক্ষিণ কামৰূপৰ বকোৰ গান্ধী ময়দান খেল পথাৰত ইতিহাস বিজৰিত সুঁৱৰী উৎসৱে ভৰি দিলে ১০৭ বছৰত। শনিবাৰে লোকে লোকাৰণ্য হৈ পৰিল বকোৰ সুঁৱৰি বাকৰিত। মহাধুমধামেৰে ৬ বহাগত উদযাপিত হ ল বকোৰ আঞ্চলিক সুৱৰী উৎসৱটি। মুকলিকৈ উৎসৱৰ পৰম্পৰাগত ভাৱে অনুষ্ঠিত হ ল বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা যেনে - ঘোৰা দৌৰ, হাতী দৌৰ, হাতী যুজঁ, লৰাৰ দৌৰ, মহিলাৰ ৰছী টনা, তেল গছ ভগোৱা আদি খেল ধেমালিৰ লগতে একাংশ জনগোষ্ঠী কৃষ্টিৰ সমাহাৰে উজ্জ্বলি উঠিল সুৱৰীৰ বাকৰি। বিশেষকৈ ৰাভা, বড়ো, গাৰো আদি জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিত ৰজনজনাই উঠিল বকোৰ আকাশ বতাহ। নামনি অসমৰ কৃষ্টি সংস্কৃতিৰ হানা ঘোৰা, পাৰবাহ, বানগাল নৃত্যৰ উপৰিও মুকলি আকাশৰ তলত প্ৰদৰ্শিত হল বিহু হুঁচৰি, বাগৰোম্বা, বাঘজৰী আদি কৃষ্টি জনগোষ্ঠীয় সাংস্কৃতি।Conclusion:BYTE :- আয়োজক সমিতি ।
এয়াই বৰ অসমৰ অসমীয়াৰ মিলন ভূমি। এয়াই হৈছে বহাগ। এয়াই সাংস্কৃতিক মিলন ভূমিৰ সমাহাৰ। নৱবৈষ্ণৱ ধৰ্মৰ দৌল যাত্ৰাৰ আৰ্হিত হিচাপেই হৈ থকা নাই। সকলো ধৰ্মালম্বী লোকে কৃষ্টি সংস্কৃতিৰ মহামিলনৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে সুঁৱৰি ক্ষেত্ৰখন। এয়াই সত্য এয়াই অনৈক্যৰ মাজত ঐক্য।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.