ETV Bharat / state

বছৰৰ প্ৰথম দিনাই পাৰ্ব্বতী দেৱীৰ মন্দিৰ দৰ্শন বিধায়িকা নন্দিতা দাসৰ - নতুন বছৰৰ শুভেচ্ছা

নতুন বছৰৰ প্ৰথম দিনাখন পাৰ্ব্বতী পাহাৰত থকা পাৰ্ব্বতী দেৱীৰ মন্দিৰ দৰ্শন কৰিলে বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে । ২০২১ বৰ্ষটো যাতে সকলোৰে বাবে সুখ-শান্তিৰ হয় তাৰ বাবে মা দেৱীৰ ওচৰত আশীষ বিচাৰে নন্দিতাই ।

পাৰ্ব্বতী দেৱীৰ মন্দিৰ দৰ্শন
পাৰ্ব্বতী দেৱীৰ মন্দিৰ দৰ্শন
author img

By

Published : Jan 2, 2021, 11:36 AM IST

Updated : Jan 2, 2021, 12:05 PM IST

কামৰূপ, ২ জানুৱাৰী: নৱবৰ্ষৰ পহিলা দিনাখনেই বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে দৰ্শন কৰিলে বকোৰ পাৰ্ব্বতী দেৱীৰ মন্দিৰ। সপৰিয়ালৰ সৈতে বকোৰ পাৰ্ব্বতী পাহাৰত থকা পাৰ্ব্বতী দেৱীৰ মন্দিৰ দৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে বিধায়িকাগৰাকীয়ে । তীৰ্থস্থান দৰ্শন কৰি উঠি তেওঁ সমূহ অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাই কয় যে ২০২১ বৰ্ষটো যাতে সকলোৰে বাবে সুখ-শান্তিৰ হয় তাৰ বাবে মা দেৱীৰ ওচৰত আশীষ বিচাৰিছো । বিগত বছৰৰ লেখীয়া যাতে এই বছৰ নহয় আৰু কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্ব তথা দেশজুৰি যি সংকটকালৰ সৃষ্টি কৰিছিল সেই পৰিৱেশ যাতে পুনৰাই নহয় তাৰবাবে মা দেৱীৰ ওচৰত আশীষ মাগে । লগতে পাৰ্ব্বতী পাহাৰত থকা তীৰ্থস্থান সন্দৰ্ভতো মন্তব্য কৰি কয় যে প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত অৱস্থিত এই তীৰ্থস্থানখন বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । আগন্তুক বিধানসভা নিৰ্বাচনত যদি বকোবাসী ৰাইজে তেওঁক উপযুক্ত প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰে তেন্তে অনাগত দিনত এই তীৰ্থস্থানখনৰ বাবে অধিক কাম কৰি যাব ।

পাৰ্ব্বতী দেৱীৰ মন্দিৰ দৰ্শন বিধায়িকা নন্দিতা দাসৰ

ইফালে পহিলা জানুৱাৰীৰ সন্ধিয়া আগছিয়াত অৱস্থিত নিজা বাসগৃহ প্ৰাংগণত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ আয়োজন কৰি উদযাপন কৰে বছৰৰ প্ৰথমটো দিন । এই অনুষ্ঠানত সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে,পাৰ্ব্বতী পাহাৰ বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে । কিয়নো এই পাৰ্ব্বতী পাহাৰৰ টিলাৰ পৰা সূৰ্যোদয়ৰ নান্দনিক দৃশ্য দেখা পোৱা যায় আৰু সেইবাবেই প্ৰত্যেক দিনাই কাহিলী পুৱাতে বিভিন্ন অঞ্চলৰ পৰা অহা শ শ লোকৰ সমাগম ঘটে এই পাহাৰখনলৈ ।

লগতে পঢ়ক: তৃতীয় দিনাও গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ব্যাপক সমাগম

Last Updated : Jan 2, 2021, 12:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.