ETV Bharat / state

অনাতাঁৰ শিল্পী মাণিক আলীৰ মৃত্যুত শোকস্তব্ধ বকোবাসী

শিশু অৱস্থাতে টাইফয়েডত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাই জীৱন আৰু জীৱিকাৰ তাড়নাত তেওঁ আঁকোৱালি লৈছিল লোক সংগীতক । আনহাতে,  এগৰাকী সুদক্ষ দোতৰা বাদকো আছিল শিল্পীগৰাকী ৷

author img

By

Published : Jun 1, 2019, 10:26 PM IST

অনাতাৰ শিল্পী মানিক আলীৰ মৃত্যুত শোকস্তব্ধ বকোবাসী

কামৰূপ, 1 জুনঃ দূৰদৰ্শন তথা অনাতাঁৰ শিল্পী মাণিক আলীৰ মৃত্যুত শোকস্তব্ধ বকোৰ বালিঝাৰ অঞ্চল । নব্বৈৰ দশকত গোৱালপৰীয়া লোকগীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছিল প্ৰয়াত শিল্পীগৰাকীয়ে । দেশী জনগোষ্ঠীয় সংগীতৰ অন্যতম সাধক আছিল মাণিক আলী । নব্বৈৰ দশকত শিল্পী ৰহিমা কলিতাৰ লগত সংগীত পৰিৱেশন কৰি ৰাজ্যবাসীৰ সমাদৰ লাভ কৰিছিল মাণিক আলীয়ে । লোকগীতৰ উপৰিও মাণিক আলী আছিল দেশী জনগোষ্ঠীয় সংগীতৰ আন এক নক্ষত্ৰস্বৰূপ । নিজস্ব আৰু একক প্ৰচেষ্টাৰে দেশী জনগোষ্ঠীয় সংগীতক আগুৱাই নিছিল শিল্পীগৰাকীয়ে ৷ দৃষ্টিহীন হৈও নীৰৱে সংগীত চৰ্চা অব্যাহত ৰাখিছিল এইগৰাকী শিল্পীয়ে ৷

অনাতাৰ শিল্পী মানিক আলীৰ মৃত্যুত শোকস্তব্ধ বকোবাসী

শিশু অৱস্থাতে টাইফয়েডত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাই জীৱন আৰু জীৱিকাৰ তাড়নাত তেওঁ আঁকোৱালি লৈছিল লোক সংগীতক । আনহাতে, এগৰাকী সুদক্ষ দোতৰা বাদকো আছিল শিল্পীগৰাকী ৷

লোক সংগীতৰ সাধকগৰাকী জীৱনৰ বিয়লি বেলাত আৰ্থিক দৈন্যতাত ভুগি এক যন্ত্ৰণাকাতৰ জীৱন অতিবাহিত কৰিব লগীয়া হৈছিল মাণিক আলীয়ে ।

Slug : Nagarbera = Folk Singer Death....

Anchor : দুৰদৰ্শন তথা অনাতাঁৰ শিল্পী মানিক আলীৰ মৃত্যুত শোকস্তব্ধ বকোৰ বালিঝাৰ অঞ্চল। নব্বৈৰ দশকত গোৱালপৰীয়া লোকগীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছিল প্ৰয়াত শিল্পী গৰাকী। দেশী জনগোষ্ঠীয় সংগীতৰ অন্যতম সাধক আছিল মানিক আলী। অন্ধ শিল্পী মানিক আলীৰ মৃত্যুত অঞ্চলজুৰি শোক প্ৰকাশ। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ।

V. O : লোক সংগীতৰ অন্যতম সাধক মানিক আলী আৰু আমাৰ মাজত নাই। আমি কব বিচাৰিছো বকোৰ বালিঝাৰৰ অন্ধ শিল্পী মানিক আলীৰ কথা। গোৱালপৰীয়া লোকগীতৰ অন্যতম জনপ্ৰিয় শিল্পী আছিল প্ৰয়াত মানিক আলী। নব্বৈৰ দশকত শিল্পী ৰহিমা কলিতাৰ লগত যুটি বান্ধি ৰাজ্য বাসীৰ সমাদৰ লাভ কৰিছিল মানিক আলী। দুৰদৰ্শন তথা অনাতাঁৰ শিল্পী মানিক আলীৰ মৃত্যুৱে অপূৰণীয় ক্ষতি হল লোক সংগীতৰ জগতত। লোকগীতৰ উপৰিও মানিক আলী আছিল দেশী জনগোষ্ঠীয় সংগীতৰ আন এক নক্ষত্ৰ স্বৰূপ। নিজস্ব আৰু একক প্ৰচেষ্টাৰে দেশী জনগোষ্ঠীয় সংগীতক আগুৱাই নিছিল মানিক আলীয়ে।

V. O : শুকুৰবাৰে মাজনিশা লোক সংগীতৰ অন্ধ শিল্পী মানিক আলীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে বকোৰ বালিঝাৰ অঞ্চল। শিশু অৱস্থাতে টায়ফয়েড জ্বৰত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাই জীৱন আৰু জীৱিকাৰ তাড়নাত জৰিত হৈছিল লোক সংগীতত। ৰাজ্যৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ দোতৰা বাদক আছিল প্ৰয়াত মানিক আলী।

V. O : লোক সংগীতৰ লগতে দেশী জনগোষ্ঠীয় সংগীতক আগুৱাই নিয়া প্ৰয়াত শিল্পী মানিক আলীৰ প্ৰতি কোনো গুৰুত্ব নাছিল চৰকাৰ আৰু অনাতাঁৰ কেন্দ্ৰৰ। জীৱনৰ বিয়লি বেলাত আৰ্থিক দৈন্যতাত ভুগি এক যন্ত্ৰনা কাতৰ জীৱন অতিবাহিত কৰিব লগীয়া হৈছিল মানিক আলীৰ। মৃত্যুৰ সময়ত পৰিয়ালৰ লগতে বহু আত্মীয় তথা গুণমুগ্ধক এৰি থৈ যায় মানিক আলী। লোক সংগীতৰ অন্যতম সাধক মানিক আলীৰ মৃত্যুত  অঞ্চলটত শোকৰ ছাঁ বিৰাজ কৰিছে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.