ETV Bharat / state

মাঘ বিহুৰ প্ৰাকক্ষণত ৰঙিয়াত ভোগালী মেলাৰ আয়োজন - ৫ বিধ চিৰা আৰু কুঁহিয়াৰৰ উৎকৃষ্ট মানৰ গুৰ

ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু ৰঙিয়াবাসী । ৰঙিয়াৰ ভট্টপাৰাত ভোগালী মেলাৰ আয়োজন । পিঠা, লাৰু, চিৰা, দৈৰ লগতে বিভিন্ন ধৰণৰ অসমীয়া পৰম্পৰাগত খাদ‍্য সম্ভাৰেৰে উভৈনদী হৈ পৰিছে ভোগালী মেলা ।

ৰঙিয়াত ভোগালী মেলাৰ আয়োজন
ৰঙিয়াত ভোগালী মেলাৰ আয়োজন
author img

By

Published : Jan 11, 2021, 1:54 PM IST

Updated : Jan 11, 2021, 2:07 PM IST

ৰঙিয়া, ১১ জানুৱাৰী: সমগ্ৰ ৰাজ্যত চলিছে মাঘ বিহুৰ প্ৰস্তুতি । বিধে বিধে পিঠা, লাৰু তৈয়াৰ কৰিছে গৃহিণীসকলে । সমান্তৰালকৈ বজাৰত উভৈনদী হৈ পৰিছে ভোগৰ সামগ্ৰী । বিভিন্ন স্থানত আয়োজন কৰা হৈছে ভোগালী মেলা । ৰঙিয়াৰ ভট্টপাৰাতো চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে ভোগালী মেলা । এই মেলাত উপলব্ধ হৈছে চুঙা পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু, চিৰা, দৈ, সান্দহ আদি বিভিন্ন ধৰণৰ অসমীয়া পৰম্পৰাগত খাদ‍্য সম্ভাৰ । বজাৰৰ তুলনাত যথেষ্ট কম মূল‍্যত ভোগালী মেলাত সামগ্ৰীসমূহ বিক্ৰী কৰা বাবে গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে । গাঁৱৰ ঘৰত তৈয়াৰ কৰা বিহুৰ পিঠা-পনা মেলাখনত উভৈনদী হৈ পৰিছে ।

আনহাতে, সময়ৰ অভাৱত নিজে তৈয়াৰ কৰাৰ পৰিৱৰ্তে মেলাখনৰ পৰাই সকলো খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে গ্ৰাহকসকল । মেলাখনত বিশেষকৈ চুঙা পিঠা ক্ৰয় কৰাৰ ক্ষেত্ৰত গ্ৰাহকে অধিক গুৰুত্ব দিয়া দেখা গৈছে । ভোগালী মেলাখনত আন সামগ্ৰীসমূহৰ লগতে ক'লা চাউল, ৫ বিধ চিৰা, কুঁহিয়াৰৰ উৎকৃষ্ট মানৰ গুৰ আৰু ক্ৰীম বিক্ৰী কৰা হৈছে বুলি জানিবলৈ দিছে আয়োজকসকলে ।

লগতে পঢ়ক:আকাশলংঘী মূল‍্যবৃদ্ধি স্বত্বেও ভোগালীৰ বজাৰত গ্ৰাহকৰ ভিৰ

Last Updated : Jan 11, 2021, 2:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.