ৰঙিয়া,10 মাৰ্চঃ বহিৰাগত বণিয়াক অবৈধভাৱে কাম দিয়াৰ কমিচন লৈ মন্ত্ৰী ভৱেশ কলিতাই তিনিশ কোটি টকাৰ মালিক হৈছে । এই বিস্ফোৰক অভিযোগ কৰে ৰঙিয়া সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে । হৰেশ্বৰ বৰ্মনে অভিযোগ উত্থাপন কৰি কয় যে, মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ সৈতে ধনৰ লেনদেন হৈছে মন্ত্ৰী ভৱেশ কলিতাৰ ।
উল্লেখযোগ্য যে, মন্ত্ৰী ভৱেশ কলিতাৰ সতীৰ্থ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ প্ৰাঞ্জল ভৰালীয়ে ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে "ভঙা চাইকেলৰ পৰা তিনিশ কোটি টকাৰ মালিক হ’ল কোন"? মন্ত্ৰী ভৱেশ কলিতাৰ বেতনৰ ধনৰ পৰা পাঁচটা বছৰত তিনিশ কোটি টকা জমা কৰিব নোৱাৰে । ইয়াৰে ৯৫ শতাংশ কমিছনৰ টকা, বহিৰাগত বণিয়াবোৰক অবৈধভাৱে কাম দিয়াৰ কমিচন লৈ তিনিশ কোটি টকাৰ মালিক হৈছে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা । আঁচনিৰ কোনো ঠিকনা নাই, পুঠিমাৰী নৈৰ বগৰীবাৰীৰ ভগ্ন মথাউৰিত আধাৰশিলা স্থাপন কৰিছে ।
কিন্তু এচপৰা মাটিও নপৰিল মথাউৰি নিৰ্মাণত । ৰঙিয়াৰ বগৰীবাৰীত ভগ্ন মথাউৰি পৰিদৰ্শন কৰিবলৈ গৈ এই মন্তব্য কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে । ৰঙিয়া সমষ্টিত মন্ত্ৰী ভৱেশ কলিতাই সাত হাজাৰ ভোট পায় নে নাই নিশ্চিত নহয় বুলি তীব্ৰ কটাক্ষ কৰে প্ৰাৰ্থী গৰাকীয়ে ।
লগতে পঢ়কঃ পাখি কটা গ’ল বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ