ETV Bharat / state

ৰঙিয়াত চিপিআই(এম) ৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ - জলসিঞ্চন মন্ত্ৰী

মঙলবাৰে ৰঙিয়াৰ কনিহাত নিৰ্বাচনী প্ৰচাৰ চলালে মহাজোঁট সমৰ্থিত চিপিআই(এম) ৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই । সমষ্টিটোত মহাজোঁটৰ বিজয় ১০০ শতাংশ নিশ্চিত বুলি দাবী কৰে চিপিআই(এম) ৰ প্ৰাৰ্থী গৰাকীয়ে । জলসিঞ্চন মন্ত্ৰী তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাৰ মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডাঃ ভগৱান দেৱ মিশ্ৰই ।

ৰঙিয়াত চি পি আই(এম) প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 23, 2021, 5:23 PM IST

ৰঙিয়া,২৩ মাৰ্চ: শাসকীয় দলৰ প্ৰাৰ্থীৰ সমান্তৰালকৈ মহাজোঁট সমৰ্থিত প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । মঙলবাৰে ৰঙিয়াৰ কনিহাত চিপিআই(এম) ৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই নিৰ্বাচনী প্ৰচাৰ চলায় । ৫৭ নং বিধানসভা সমষ্টিত ৮৫ হাজাৰ ভোট লাভ কৰি তেওঁ জয়ী হ'ব বুলি দাবী কৰে ।

লগতে মহাজোঁট সমৰ্থিত প্ৰাৰ্থী গৰাকীয়ে জলসিঞ্চন মন্ত্ৰী তথা ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে, ভৱেশ কলিতাই কিমান সাঁতুৰিব পাৰে সেয়া নিৰ্বাচনৰ বিষয় নহয় । নিৰ্বাচন এক ৰাজনৈতিক সংগ্ৰাম । লগতে ৰাজনৈতিক সংগ্ৰামত সাঁতুৰবিদ হোৱাৰ প্ৰয়োজন নাই বুলিও তেওঁ মন্তব্য কৰে ।

ৰঙিয়াত চি পি আই(এম) প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে, মন্ত্ৰী ভৱেশ কলিতাই মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰক উদ্দেশ্যি অশ্লীল বাক্য প্ৰয়োগ কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মিশ্ৰই কয় যে, তেনেকুৱা শব্দ কোৱাতো দূৰৰ কথা, শুনাটোও অশালীন । সংস্কৃতিৰ পৰিপন্থী কাম তেওঁ কৰিব নোৱাৰে বুলিও স্পষ্ট কৰি দিয়ে । বিজেপিক সমালোচনা কৰি তেওঁ কয় যে, 'বৰ্তমান বিজেপি দলৰ কোনো আদৰ্শ নাই । কিয়নো, বৰ্তমান বিজেপিত অন্য দলৰ পৰা অহা লোকেহে ভিৰ কৰিছে' ।

লগতে পঢ়ক: বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.