ETV Bharat / state

BPFৰে মিত্ৰতা সন্দৰ্ভত কি কলে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ? - বিজেপি

ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে বিজেপি আৰু বিপিএফৰ মিত্ৰতাক লৈ । সঁচাকৈয়ে পুনৰ মিত্ৰতালৈ আহিব নেকি বিজেপি আৰু বিপিএফ দল ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । অসমৰ ৰাজনীতিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভতো মন্তব্য কৰিলে ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে ।

Bhabesh kalita's reaction on Raijor dol and AJP
BPFৰে মিত্ৰতা সন্দৰ্ভত বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jul 1, 2021, 1:08 PM IST

ৰঙিয়া, ১ জুলাই: "বৰ্তমান ইউ পি পি এলৰ সৈতে মিত্ৰজোঁটত আছে বিজেপি । প্ৰমোদ বড়োৰ নেতৃত্বত সুচাৰুৰূপে শাসন চলিছে বিটিএডিত । এই মুহূৰ্তত বিপিএফৰ সৈতে মিত্ৰতা কৰাৰ কথা চিন্তা কৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে" । এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ।

তেওঁ লগতে কয় যে, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে বিজেপিৰ সৈতে পুনৰ মিত্ৰতালৈ আহিব বিচাৰিলে মুখ‍্যমন্ত্ৰী সমন্বিতে দলৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক প্ৰশংসা কৰি তেওঁ লগতে কয় যে, বিটিএডিত আগন্তুক পাঁচ বছৰলৈ প্ৰমোদ বড়োৰ চৰকাৰে শাসন কৰি থাকিব আৰু প্ৰমোদ বড়োৰ ওপৰত বিজেপিৰ আস্থা আছে । লগতে বৰ্তমানলৈকে বিজেপিৰ সৈতে বিপিএফে কোনো আলোচনা কৰা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

BPFৰে মিত্ৰতা সন্দৰ্ভত কি কলে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ?

ৰঙিয়াৰ বৰকুকুৰীয়াত মহিলা বজাৰ গৃহ এটা উদ্ধোধন কৰি এইদৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । আনহাতে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ সন্দৰ্ভত তেওঁ কটাক্ষ কৰি কয় যে, বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদ দলে এখনো আসন নাপালে আৰু ৰাইজৰ দলে মাত্ৰ এখন আসন লাভ কৰিয়েই সন্তুষ্ট হ'বলগীয়া হৈছিল ।ৰাইজৰ ভোট লাভৰ আশাতহে দল দুটাই চৰকাৰ গঠন কৰাৰ কথা কৈছিল বুলিও তেওঁ সমালোচনা কৰে ।

ৰাইজৰ দলে আৰু অসম জাতীয় পৰিষদে চৰকাৰ গঠন কৰিব বুলি কৈ নিৰ্বাচনত মুখথেকেচা খাবলগীয়া হ'ল বুলি তেওঁ সমালোচনা কৰে । এই বজাৰগৃহ উদ্বোধনী কাৰ্যসূচীত ভৱেশ কলিতাৰ সৈতে উপস্থিত থাকে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ । বৰকুকুৰীয়াৰ বজাৰগৃহটোৰ নিৰ্মাণকাৰ্যৰে জড়িত সকলো লোককে ভৱেশ কলিতাই ধন্যবাদো জ্ঞাপন কৰে ।

লগতে পঢ়ক:শ শ বগলীৰ কলৰবেৰে গুঞ্জৰিত হোৱা খোৱাঙৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.