ETV Bharat / state

পুনৰ মুকলি বন্ধন বেংকৰ ঋণ সম্বন্ধীয় সেৱা

বন্ধন বেংকৰ নিৰ্বাচিত ঋণ সম্বন্ধীয় সেৱাসমূহ পুনৰ মুকলি কৰা হৈছে ৷ বুধবাৰে বন্ধন বেংকৰ কৰ্তৃপক্ষই এই কথা সদৰী কৰে ৷ সৰু ব্যৱসায়ত জড়িত গ্ৰাহকৰ বিত্তীয় আৱশ্যকতা তথা অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি বন্ধন বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰ্তমান বেংকৰ কাম-কাজসমূহ ধীৰগতিত আৰম্ভ হ'লেও বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি লাহে লাহে কাম-কাজসমূহ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাৰ প্ৰয়াস কৰা হ'ব বুলি বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে জানিবলৈ দিয়ে ৷

author img

By

Published : Apr 22, 2020, 2:00 PM IST

পুনৰ মুকলি বন্ধন বেংকৰ ঋণ সম্বন্ধীয় সেৱা
পুনৰ মুকলি বন্ধন বেংকৰ ঋণ সম্বন্ধীয় সেৱা

আজাৰা,22 এপ্ৰিল : লঘু ব্যৱসায় ঋণ সম্বন্ধীয় সেৱাসমূহ পুনৰ আৰম্ভ কৰিব বন্ধন বেংকে ৷ বুধবাৰে এই ঘোষণা কৰি বন্ধন বেংকৰ কৰ্তৃপক্ষই কয় যে,গৃহ মন্ত্ৰণালয়ৰ পৰা 20 এপ্ৰিলৰ পিছত প্ৰকাশ কৰা অধিক সেৱাসমূহত প্ৰদান কৰা ৰেহাইৰ সংশোধিত নিৰ্দেশনাৱলী অনুসৰি আৰু সৰু ব্যৱসায়ত জড়িত গ্ৰাহকৰ বিত্তীয় আৱশ্যকতা তথা অনুৰোধ সাপেক্ষে বন্ধন বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই সেৱাসমূহ বৰ্তমান সীমিত সংখ্যাত আৰম্ভ কৰা হ'ব আৰু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতিশীঘ্ৰেই সেৱাসমূহ সম্প্ৰসাৰণ কৰা হ'ব বুলি বেংক কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

ইতিমধ্যে বেংক সম্বন্ধীয় নীতি-নিৰ্দেশনা অনুসৰি সীমিত সংখ্যক কৰ্মচাৰীৰ সংখ্যাৰে লক ডাউনৰ সময়তো বেংকৰ শাখাসমূহ চলি আছে ৷ মনকৰিবলগীয়া যে, বেংক সমূহতো স্বাস্থ্য সম্বন্ধীয় সজাগতাৰ সৃষ্টি কৰিবৰ বাবে সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷ বেংক কৰ্মচাৰীসকলেও স্বাস্থ্য সম্পৰ্কীয় সকলো সজাগতা গ্ৰহণ কৰাৰ লগতে ছেনিটাইজাৰৰ ব্যৱস্থা বাধ্যতামূলক কৰে ৷

ইপিনে,মাত্ৰ সৰু ব্যৱসায়ৰ বাবে ঋণ সেৱাসমূহ ইমান দিনে বন্ধ হৈ আছিল ৷ এতিয়া এই সেৱাসমূহ নিৰ্বাচিত ৰূপত গ্ৰীণ জ'নসমূহত নিৰ্দেশিত সামাজিক দুৰত্ব বৰ্তাই ৰাখি আৰু স্বাস্থ্য বিভাগৰ নিৰ্দেশসমূহ পালন কৰি আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধন বেংকে ৷ উল্লেখিত ধৰণে পশ্চিম বংগ,অসম,বিহাৰ,ঝাৰখাণ্ড, উত্তৰ প্ৰদেশ,উৰিষ্যা,ৰাজস্থান আৰু হাৰিয়ানাৰ গ্ৰীণ জ'নত 20 এপ্ৰিলৰ পৰা সেৱাসমূহ আৰম্ভ কৰা হৈছে ৷ চৰকাৰৰ আৰু অধিকাৰী সকলৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনা মৰ্মে অন্য ৰাজ্যসমূহতো উক্ত সেৱাসমূহ আৰম্ভ কৰা হ'ব ৷

উল্লেখ্য যে, বন্ধন বেংকৰ প্ৰায় 4,500 বেংকৰ শাখাসমূহ গ্ৰাহকৰ সুবিধাৰ্থে প্ৰায় তিনি কিলো মিটাৰ ব্যাসাৰ্ধত স্থাপন কৰা হৈছে ৷ গতিকে গ্ৰাহকে বেংকলৈ নিজেই আহিব পৰাকৈ বহু ক্ষেত্ৰত সুবিধাজনক হ'ব ৷ আনহাতে কিছু ক্ষেত্ৰত বেংক কৰ্মচাৰী নিজেই গ্ৰাহকৰ ওচৰলৈ যাব পাৰিব ৷ এই সন্দৰ্ভত বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয় যে,সৰু ব্যৱসায়েৰে জড়িত ব্যক্তিক বিত্তীয় সাহাৰ্যৰে অনুপ্ৰাণিত কৰিবলৈ বেংকে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ লগতে তেওঁ উল্লেখ কৰে যে,কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিবৰ বাবে লক ডাউনৰ প্ৰয়োজনীয়তা এক সাহসী সিদ্ধান্ত আছিল আৰু ইয়াক পালন কৰাটো সকলোৰে কৰ্তব্য ৷ সীমিত পৰিসীমাত বৰ্তমান বেংকৰ কাম-কাজ আৰম্ভ হ'লেও লাহে লাহে ইয়াক পুনৰ আগৰ স্থিতিলৈ ঘূৰাই অনাৰ প্ৰয়াস সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কৰা হ'ব বুলি তেওঁ সদৰী কৰে ৷

লগতে পঢ়ক : বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক চালক-হেণ্ডিমেনক স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.