ETV Bharat / state

ৰঙিয়াত বন্ধন বেংকৰ বিৰুদ্ধে গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ

ৰঙিয়াত উত্থাপন হৈছে বন্ধন বেংকৰ গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ ৷ পশ্চিম চেনীমাৰাৰ ১৫০ জন গ্ৰাহকৰ একাউন্টত অজ্ঞাতে ঋণৰ ৰাশি জমা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ গ্ৰাহক সকলে ৷

ৰঙিয়াত বন্ধন বেংকে গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ

author img

By

Published : Jan 12, 2021, 3:47 PM IST

ৰঙিয়া,12 জানুৱাৰী : চৰকাৰে লক্ ডাউনত বন্ধন বেংকৰ ঋণ ৰেহাই দিয়াৰ কথা উল্লেখ কৰাৰ মাজতে ৰঙিয়াত উত্থাপন হৈছে বন্ধন বেংকৰ গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ ৷ পশ্চিম চেনীমাৰাৰ ২০ টাকৈ গোটৰ প্ৰায় ১৫০ জন গ্ৰাহকৰ একাউন্টত অজ্ঞাতে ঋণৰ ৰাশি জমা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ গ্ৰাহক সকলে ৷

আৰম্ভণিৰে পৰা ঋণৰ কিস্তি পৰিশোধ কৰি অহা লোকসকলৰ একাউন্টত ধনৰ পৰিমান দেখি হতবম্ব হৈ পৰে গ্ৰাহক সকলে ৷ মনত সন্দেহৰ সৃষ্টি হোৱাত বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত, লক্ ডাউনৰ বাবে পূৰ্বৰ কিস্তিসমূহ পৰিশোধ কৰাত সহায় কৰিবলৈ এই ৰাশি সকলোকে দিয়া হৈছে বুলি উল্লেখ কৰে বেংক কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, গ্ৰাহকসকলে তেওঁলোকৰ একাউণ্টত ঋণৰ ৰাশি জমা হোৱাটো ফোনত অহা মেছেজৰ জৰিয়তে হে গম পাই ৷ কিন্তু বন্ধন বেংক অথবা মাইক্ৰ'ফাইনেঞ্চৰ গ্ৰাহকক ঋণ প্ৰদান কৰিলে কেইবাখনো প্ৰমান পত্ৰ বিচাৰে বেংক কৰ্তৃপক্ষই ৷ তাৰ বিপৰীতে বন্ধন বেংকে কেনেকৈ গ্ৰাহকৰ কোনো নথি-পত্ৰ নোহোৱাকৈ ঋণ প্ৰদান কৰিলে বুলিও বহুতে প্ৰশ্ন উত্থাপিত কৰিছে ৷

লক্ষ্যণীয়ভাৱে, ঋণৰ ৰাশি জমা হোৱাৰ পাচতে গ্ৰাহকসকলৰ এটিএম কাৰ্ড আৰু একাউন্ট সমূহো কোনো কাৰণ নেদেখুৱাকৈ ব্লক কৰি দিয়া হৈছে বুলিও গ্ৰাহকসকলে জানিবলৈ দিয়ে ৷ ইফালে পূৰ্বৰ ঋণৰ সম্পূৰ্ণ টকা উভতাই দিয়াৰ পূৰ্বেই পুনৰ ঋণ প্ৰদান কৰা কাৰ্যক বেংকৰ এক দুৰ্নীতিৰ লগতে গ্ৰাহকক কৰা প্ৰৱঞ্চনা বুলি ভুক্তভোগীয়ে অভিযোগ কৰিছে ৷

লগতে পঢ়ক: ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাঃ ৰাইজৰ হাতত আবদ্ধ প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.