বাইহাটা, 22 মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতা সান্ধ্য আইনলৈ সম্পূৰ্ণ সঁহাৰি প্ৰদান কৰে বাইহাটা চাৰিআলি অঞ্চলৰ জনসাধাৰনে ৷ অৱশ্যে বহুসংখ্যক বাহিৰৰ পৰা অহা গাড়ীৰ চলাচল হৈ থাকে । জনতা কাৰফিউত বাইহাটা চাৰিআলিৰ সকলো দোকান পোহাৰ স্বতস্ফুৰ্ত ভাবে বন্ধ ৰাখে ব্যৱসায়ীসকলে । ইয়াৰ বিপৰীতে কেৰেলাৰ পৰা অহা দুখন গাড়ী স্থানীয় ৰাইজে জব্দ কৰি আৰক্ষীক গটাই দিয়ে । পিচত বাইহাটা আৰক্ষীয়ে গাড়ী দুখনৰ যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ নথিপত্ৰ পৰীক্ষা কৰি যাবলৈ দিয়ে । আনফালে অন্য ঠাইৰ পৰা অহা বহু যাত্ৰী এতিয়াও বাইহাটা চাৰিআলি চ'কতে গাড়ীৰ বাবে বোন্দাপৰ দি থকা পৰিলক্ষিত হয় ।
প্ৰধানমন্ত্ৰীৰ জনতা কাৰ্ফিউ : বন্ধ থাকিল বাইহাটা
প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি বাইহাটাবাসীৰ ৷ দেওবাৰে জনতা কাৰ্ফিউৰ দিনটোত একেবাৰে স্তব্ধ হৈ পৰে উজনি নামনিৰ মুখ্য সংযোগস্থলী উত্তৰপাৰৰ বাইহাটা অঞ্চল ৷