বাইহাটা চাৰিআলি, 22 এপ্ৰিল : দেশত ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাৰ সংক্ৰমণ ৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঢ়িব ধৰিছে নিতৌ কৰ’ণাক্ৰান্ত লোকৰ সংখ্যা ৷ বাইহাটা চাৰিআলি অঞ্চলতো কেইবাগৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ অঞ্চলটোত অৱস্থিত তিনিখনকৈ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি অঞ্চলটোত আক্ৰান্ত লোকৰ সংখ্যা অৰ্ধ শতাধিকে ক’ভিড পজিটিভ ৷
উল্লেখ্য যে, ৰাজ্য চৰকাৰে ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা জাৰি কৰে ৷ এই নিদৰ্শনাৰ পাছতেই সস্তম হৈ উঠিছে বাইহাটা চাৰিআলি আৰক্ষীৰ লগতে কমলপুৰ আৰক্ষী । সকলোকে ক’ভিড প্ৰৰ্টকল মানি চলাৰ উপৰিও ৰাজহুৱা স্থানত সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পিন্ধিবলৈ আহ্বান জনাই কমলপুৰ আৰক্ষীয়ে ৷ ইয়াৰ লগতে বুধবাৰে মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰা লোকৰ মাজত মাস্ক বিতৰণ কৰে আৰক্ষীয়ে ৷
লগতে পঢ়ক : ধেমাজিত ১০৭ লৈ বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা