বাইহাটা চাৰিআলি, ১১ মে': বাইক চুৰ কৰি বাইহাটা আৰক্ষীৰ জালত পৰিল দুই যুৱক । চুৰি কাৰ্য সংঘটিত কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ সফলতা । চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে আটক কৰে দুই বাইক চোৰক । মহম্মদ নুৰ হুছেইন আৰু মহম্মদ জিয়ানুৰ ৰহমান নামৰ লোক দুজনে বাইহাটা চাৰিআলিৰ ৰামধেনু নামৰ ধাবাৰ সন্মুখৰ পৰা চুৰি কৰি নিছিল এখন পালচাৰ ২২০ বাইক ।
বাইক চুৰি হোৱা সন্ধৰ্ভত বাইহাটা আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিচতে আৰক্ষীয়ে অভিযান চলাই বাস্কা জিলাৰ কুমাৰিকাটাৰ পৰা চোৰ দুজনক আটক কৰাৰ লগতে উদ্ধাৰ কৰে চুৰি বাইকখন ।
দুয়োগৰাকী বাইক চোৰ ড্ৰাগছ আসক্ত আছিল বুলি জানিবলৈ দিয়ে বাইহাটা চাৰিআলি
আৰক্ষী চকীৰ ভাৰপ্ৰাাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ।