ETV Bharat / state

কৰ'ণা, আফ্ৰিকান ছোৱাইন ফ্লুৰ পাছত এইবাৰ "লুম্পি"

ৰোগবিধৰ বাবে চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ ইফালে চিকিৎসালয়ৰ তৰফৰ পৰা জনোৱা মতে, পশুধনসমূহ আক্ৰান্ত হোৱা এই ৰোগ বিধৰ নাম " lumpy " । বৰ্তমানলৈকে এই ৰোগবিধৰ কোনো ধৰনৰ ভেকছিন ওলোৱা নাই বুলি অৱগত কৰিছে পশু চিকিৎসা কৰ্মীয়ে ।

author img

By

Published : Jul 5, 2020, 8:08 PM IST

Baihata
কামৰূপ

কামৰূপ, 5 জুলাইঃ ইটোৰ পাছত আনটো বিপদত ৰাজ্যবাসী ৷ কৰ'ণা মহামাৰীৰ ত্ৰাসৰ মাজতে, আফ্ৰিকান ছোৱাইন ফ্লুৰ পৰা কিছু সকাহ পোৱা ৰাজ্যবাসীলৈ আহিছে আন এক বিপদ ৷ কামৰূপৰ বাইহাটা চাৰিআলিত lumpy নামৰ এক ছালৰ ৰোগত আক্ৰান্ত হৈছে পশুধন । বিশেষকৈ গৰুৰ গাত দেখা দিছে এই ৰোগে ৷ গৰুৰ দেহত গুটি গুটি ওলোৱাৰ লগতে ডিঙিবোৰ ফুলি উঠাটোৱে এই ৰোগৰ লক্ষণ । গ্ৰাম্যাঞ্চলৰ প্ৰায় ৮০ শতাংশ মানুহৰ পশুধনসমূহ বৰ্তমান এই ৰোগত আক্ৰান্ত ।

লগতে পঢ়কঃ কোভিডত আক্ৰান্ত শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্ত মহেন্দৰ যাদৱৰ মৃত্য়ু

ইতিমধ্যে lumpy ত আক্ৰান্ত হৈ মৃত্যু হৈছে কেবাটাও পশুধনৰ । এই ৰোগবিধৰ বাবে চিন্তিত হৈ পৰিছে গাঁওবাসী ৷ চিকিৎসালয়ৰ তৰফৰ পৰাও জনোৱা মতে, পশুধনসমূহ আক্ৰান্ত হোৱা এই ৰোগ বিধৰ নাম " lumpy " । বৰ্তমানলৈকে এই ৰোগবিধৰ কোনো ধৰনৰ ভেকছিন ওলোৱা নাই বুলি অৱগত কৰিছে পশু চিকিৎসা কৰ্মীয়ে ।

কামৰূপ

আনহাতে, পশুধনৰ এই ৰোগবিধৰ বিষয়ে জানিবলৈ বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ কেইজনমান কৰ্মকৰ্তাই কমলপুৰস্থিত পশু চিকিৎসালয়ৰ চিকিৎসা কৰ্মীসকলৰ লগত এক আলোচনাত মিলিত হয় । আলোচনাত পশু চিকিৎসা কৰ্মীয়ে প্ৰদান কৰা তথ্য অনুসৰি ইতিমধ্যে অত্যাধিক হাৰত বিয়পি পৰিছে এই ৰোগবিধ ৷ সেয়ে পশু চিকিৎসা বিভাগক এই ৰোগবিধৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক ডা° হৃদয় কুমাৰ দাসে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.