ETV Bharat / state

বকোৰ হাহিমত প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা - বেডমিণ্টন প্ৰতিযোগিতা

অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিমত অনুষ্ঠিত প্ৰাইজমানি দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাত বিজয়ী বকোৰ জয় সৰকাৰ আৰু অজয় বাচফৰ ৷ হাহিম বেডমিণ্টন ক্লাৱে আয়োজন কৰা প্ৰতিযোগিতাখনত অসম আৰু মেঘালয় ৰাজ্যৰ ২৫টাকৈ দলে অংশ গ্ৰহণ কৰিছিল ৷

badminton-tournament-at-hahim
বকোৰ হাহিমত প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা
author img

By

Published : Jan 9, 2021, 8:25 AM IST

বকো,9জানুৱাৰী: শুকুৰবাৰে অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিমত অনুষ্ঠিত হয় প্ৰাইজমানি দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা ৷ পোন প্ৰথমবাৰৰ বাবে অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিমত যোৱা ৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখনি ৷ হাহিম বেডমিণ্টন ক্লাৱে আয়োজন কৰা কৰা প্ৰতিযোগিতাখনত অসম আৰু মেঘালয় ৰাজ্যৰ ২৫টাকৈ দলে অংশ গ্ৰহণ কৰিছিল ৷

BADMINTON TOURNAMENT AT HAHIM
বকোৰ হাহিমত প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা

ইপিনে, প্ৰাইজমানি দিবা-নৈশ দ্বৈত বেডমিণ্টনৰ চূড়ান্ত প্ৰতিযোগিতাত বিজয়ী হয় বকোৰ জয় সৰকাৰ আৰু অজয় বাচফৰ ৷ তদুপৰি দ্বিতীয় স্থান লাভ কৰে মিৰ্জাৰ পাৰ্থ প্ৰতীম কুমাৰ আৰু অংকুৰ মহন্তই ৷ আনহাতে, প্ৰতিযোগিতাখনে দুয়োখন ৰাজ্যৰ নাগৰিকৰ মাজত একতা বৃদ্ধি কৰাত সহায়ক হোৱাৰ লগতে এই প্ৰতিযোগিতাই ডেকাসকলক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি উদ্যোক্তাই আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ ৰাইজৰ দলৰ নতুন কমিটি ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.