কামৰূপ, 20 জানুৱাৰীঃ দক্ষিণ কামৰূপৰ লোহাৰঘাটত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ । পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বাগান টেঙাখালত দেওবাৰে নিশা উদ্ধাৰ হয় এটা প্ৰায় দুমহীয়া হাতী পোৱালি । অসম মেঘালয় সীমান্তৰ ঘন বনাঞ্চলৰ পৰা জাকৰ সৈতে ওলাই হাতী পোৱালিটোৱে জাক হেৰুওৱা বুলি ধাৰণা কৰে স্থানীয় ৰাইজে । নিশা পথাৰত অকলশৰে বিচৰণ কৰি থকা হাতী পোৱালিটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে । তাৰ পাচত নিশাই লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ত ৰাইজে গতাই দিয়ে । আনহাতে, বন বিভাগৰ লোকে হাতীৰ পোৱালীটোক লোহাৰঘাট বনাঞ্চলিক কাৰ্যলয়লৈ আনি খাদ্যৰ যোগান ধৰে । তাৰ পাচতে বনবিষয়াই প্ৰায় দুমহীয়া হাতীৰ পোৱালিটোক বনাঞ্চলৰ মাজত থকা বনৰীয়া হাতীৰ জাকৰ মাজত এৰি দিয়ে ।
উল্লেখ্য যে, নিশাই হাতীৰ জাকত এৰি থৈ অহা পোৱালি হাতীটো সোমবাৰে পুৱা সেই স্থানতে উদ্ধাৰ হোৱাত স্থানীয় লোকে পুনৰ বন বিভাগক খবৰ দিয়াত বিভাগৰ লোকে হাতীৰ পোৱালিতো উদ্ধাৰ কৰি লোহাৰ ঘাট বনাঞ্চলিক কাৰ্যলয়লৈ আনে । জানিব পৰা অনুসৰি, হাতীৰ পোৱালিতো উদ্ধাৰ সময়ত ৰোগত আক্ৰান্ত হৈ দুৰ্বল হৈছিল পোৱালিটো । সম্প্ৰীতি ৰুগীয়া হাতীৰ পোৱালীটোক চিকিৎসা কৰে যদিও কোনো সুফল পোৱা নাই । স্থানীয় লোকৰ অভিযোগ চিকিৎসাৰ ক্ষেত্ৰত বন বিভাগে গাফিলটি কৰাৰ বাবেই হাতীৰ পোৱালী সুস্থ হৈ উঠা নাই ।
আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ